ৰাজ্যত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা

মুকালমুৱাৰ নদিয়া-পেৰাধৰা চৰত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত ব্ৰহ্মপুত্ৰত সন্ধানহীন শিক্ষাৰ্থীসহ ৬ জন। সন্ধানহীন হোৱা ৫ জনেই আছিল শিক্ষাৰ্থী। এই দুৰ্ঘটনাত সন্ধানহীন আব্দুল গফুৰ নামৰ এজন স্বাস্থ্যকৰ্মী। কেইবাগৰাকীও যাত্ৰীৰ প্ৰাণৰক্ষা কৰিছিল আব্দুল গফুৰে। নিজৰ সন্তানৰো প্ৰাণৰক্ষা কৰিছিল লোকজনে। নিৰুদ্দিষ্ট শিক্ষাৰ্থীসকল ক্ৰমে আৰিন আলী, মজিদুল ইছলাম। আন তিনিজন শিক্ষাৰ্থীৰ উদ্ধাৰ হোৱা নাই পৰিচয়। ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে NDRF, SDRF-এ। জল পৰিবহণ বিভাগৰ গাফিলতিৰ বাবেই নাও দুৰ্ঘটনাৰ অভিযোগ। ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে একাংশই। নাওখনত নাছিল কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা। লাইফ জেকেটৰ ব্যৱস্থাও নাছিল নাওখনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...