ইৰাণ-ইজৰাইলৰ যুদ্ধত আমেৰিকাই যোগ দিলে ইৰাণ চুপ হৈ নাথাকে। পশ্চিম এছিয়াত থকা মাৰ্কিন সামৰিক ঘাটিসমূহত আক্ৰমণ চলাবলৈ ইৰাণে ক্ষেপণাস্ত্ৰ আৰু সামৰিক সঁজুলি সাজু ৰাখিছে। চোৰাংচোৱা সংস্থাৰ তথ্য পৰ্যালোচনা কৰি মাৰ্কিন প্ৰশাসনৰ বিষয়াসকলে এই দাবী কৰিছে।
‘নিউয়ৰ্ক টাইমছ’ৰ প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ আমেৰিকাই ইউৰোপলৈ প্ৰায় তিনি ডজন ইন্ধন ভৰোৱা বিমান পঠিয়াইছে। মাৰ্কিন ঘাটি ৰক্ষাৰ বাবে থকা যুদ্ধবিমানসমূহক সহায় কৰিবলৈ এই ইন্ধন বিমান পঠোৱা হৈছে। কিন্তু বহুতৰ মতে, আমেৰিকাই ইৰাণৰ পৰমাণৱিক কেন্দ্ৰসমূহত আক্ৰমণৰ কথা ভাবিব পাৰে। সেই কাৰণে আমেৰিকাৰ বোমাৰু বিমানৰ সহায়ৰ বাবেও এই ইন্ধন বিমান পঠিওৱা হৈছে। এই জল্পনা-কল্পনাৰ মাজতে মাৰ্কিন প্ৰশাসনে ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে।
ইৰাণ-ইজৰাইলৰ সংঘাতত আমেৰিকাৰ হস্তক্ষেপৰ দাবী জনাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ প্ৰশাসনে। তেওঁ বিচাৰে আমেৰিকাই এই যুদ্ধত সামৰিকভাৱে হস্তক্ষেপ কৰক, যাতে ইৰাণে তেওঁলোকৰ পৰমাণৱিক কাৰ্যসূচী বন্ধ কৰে। ইৰাণৰ ভূগৰ্ভস্থ পৰমাণৱিক কেন্দ্ৰ ফৰ্ডোত আমেৰিকাই বোমা নিক্ষেপ কৰক। কাৰণ, এই কেন্দ্ৰ ধ্বংস কৰিবলৈ ইজৰাইলৰ হাতত উপযুক্ত বোমা নিক্ষেপকাৰী যুদ্ধবিমান নাই। এই পৰিপ্ৰেক্ষিতত ইৰাণৰ আশংকা যে, আমেৰিকাই যিকোনো সময়ত তেওঁলোকৰ ওপৰত আক্ৰমণ চলাব পাৰে। যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে ইৰাণেও প্ৰত্যুত্তৰ দিব। চোৰাংচোৱা সংস্থাৰ তথ্য অনুসৰি, আমেৰিকাই যদি প্ৰত্যক্ষভাৱে যুদ্ধত যোগ দিয়ে, তেন্তে ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহী গোষ্ঠীয়ে লোহিত সাগৰত মাৰ্কিন যুদ্ধজাহাজত আক্ৰমণ চলাব পাৰে। মাৰ্কিন প্ৰশাসনৰ বিষয়াসকলৰ মতে, ইৰাক আৰু চিৰিয়াত থকা ইৰাণপন্থী বিদ্ৰোহী গোষ্ঠীৰ পৰা মাৰ্কিন ঘাটিত আক্ৰমণৰ সম্ভাৱনা আছে। কিছুমানে আকৌ এইবুলিও দোহাৰে যে ইৰাণে হৰমুজ প্ৰণালীত ‘মাইনিং’ আৰম্ভ কৰিব পাৰে। সংযুক্ত আৰৱ আমিৰশাহী, জৰ্ডান আৰু ছৌদি আৰৱৰ লগতে পশ্চিম এছিয়াৰ মাৰ্কিন সামৰিক ঘাটিসমূহত মোতায়েন থকা সেনাসকলক এই বিষয়ে সতৰ্কতা জাৰি কৰা হৈছে। উল্লেখ্য যে, পশ্চিম এছিয়াত ৪০ হাজাৰতকৈ অধিক মাৰ্কিন সেনা মোতায়েন আছে। আৰৱ সাগৰীয় দেশসমূহত থকা মাৰ্কিন ঘাটিসমূহ ইৰাণে লক্ষ্য কৰিব পাৰে। সোমবাৰে ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘটিয়ে এটা বিবৃতিত দাবী কৰিছিল, “আমাৰ শত্ৰুসকলে জানি থোৱা উচিত যে, তেওঁলোকে আমাৰ ওপৰত সামৰিক আক্ৰমণ চলাই কোনো সমাধানত উপনীত হ’ব নোৱাৰে। ইৰাণীসকলৰ ওপৰত নিজৰ ইচ্ছা জাপি দিবও নোৱাৰে।”
ইতিমধ্যে ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে সুৰ উচ্চ কৰিছে। মঙলবাৰে ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতোল্লা আলি খামেনেইক ‘নিঃচৰ্ত আত্মসমৰ্পণ’ৰ বাবে কৈছিল ট্ৰাম্পে। লগতে হুঁশিয়াৰ কৰি দিছিল যে, খামেনেই ক’ত লুকাই আছে তাক তেওঁ জানে। বহুতৰ মতে, ট্ৰাম্পে ইজৰাইলৰ সৈতে আমেৰিকাক জড়িত কৰি ‘আমি’ শব্দটোত জোৰ দিছে। ইয়াৰ উপৰিও মঙলবাৰে হোৱাইট হাউচত মাৰ্কিন চোৰাংচোৱা সংস্থাৰ সৈতে বৈঠকো কৰিছিল ট্ৰাম্পে। প্ৰশ্ন হয়, মাৰ্কিন ঘাটিত ইৰাণৰ আক্ৰমণৰ পৰিকল্পনাৰ কথা জানি ট্ৰাম্পে সুৰ উচ্চ কৰিছে নেকি?
