ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুক হত্যা কৰিলে যুদ্ধ বন্ধ হৈ যাব! ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ দাবী

ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতোল্লা আলি খামেনেইক হত্যা কৰিলেই যুদ্ধ বন্ধ হৈ যাব! এনে চাঞ্চল্যকৰ দাবী কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। অৱশ্যে খামেনেইক হত্যাৰ কোনো পৰিকল্পনা ইজৰাইলৰ আছে নে নাই, তাক স্পষ্টকৈ নক’লে নেতানিয়াহুৱে।

শেহতীয়াকৈ আমেৰিকাৰ বিষয়ববীয়াসকলে সংবাদ সংস্থা ৰয়টাৰ্ছক জনাইছে যে, ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতাক হত্যাৰ পৰিকল্পনা কৰিছিল ইজৰাইলে। কিন্তু তাৰ বিৰোধিতা কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। দাবী কৰা হৈছিল যে, এনে কাৰ্য্যই সংঘৰ্ষক আৰু বৃদ্ধি কৰিব পাৰে। আমেৰিকাৰ সংবাদমাধ্যম এবিচি নিউজৰ এটা সাক্ষাৎকাৰত নেতানিয়াহুক এই বিষয়ে প্ৰশ্ন কৰা হৈছিল। উত্তৰত তেওঁ কৈছিল, “এনে হ’লে সংঘৰ্ষ বৃদ্ধি নহয়, বৰং বন্ধ হৈ যাব।”

সাক্ষাৎকাৰত ইৰাণৰ বৰ্তমান শাসকপক্ষক লক্ষ্য কৰি তেওঁ কৈছিল, “এইসকলে পশ্চিম এছিয়াত সকলোকে আতংকৰ মাজত ৰাখিছে। প্ৰায় ৫০ বছৰ ধৰি উত্তেজনা বিয়পাই আছে। ছৌদি আৰৱৰ আৰামকোৰ তৈলক্ষেত্ৰত এইসকলে বোমা নিক্ষেপ কৰিছে। সৰ্বত্ৰ সন্ত্ৰাস আৰু নাশকতা বিয়পাইছে।” ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ দাবী, ইৰাণে ‘চিৰকালৰ বাবে’ যুদ্ধ চলাই যাব বিচাৰে! তেহৰানে এই পৰিস্থিতিক পৰমাণু যুদ্ধৰ দুৱাৰমুখলৈ লৈ গৈছে বুলিও সাক্ষাৎকাৰত দাবী কৰিছে নেতানিয়াহুৱে।

তেন্তে ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা খামেনেইক হত্যাৰ পৰিকল্পনা কৰিছে নেকি ইজৰাইলে? সাক্ষাৎকাৰত এই বিষয়ে প্ৰশ্ন কৰাত নেতানিয়াহুৱে প্ৰত্যক্ষ উত্তৰ নিদিলে। তেওঁৰ বক্তব্য আছিল, “ইজৰাইলৰ যি কৰিবলগীয়া, তাকে কৰি আছে। এই বিষয়ে মই বিশদভাৱে একো ক’ব নিবিচাৰোঁ।” বাস্তৱত, ইজৰাইলৰ ‘অপাৰেশ্যন ৰাইজিং লায়ন’ৰ সময়ত ইৰাণৰ ৯জন পৰমাণু বিজ্ঞানী নিহত হৈছিল বুলি দাবী কৰা হৈছে। সেই কথাও সোঁৱৰাই দিছে নেতানিয়াহুৱে। তেওঁ কৈছিল, “তেওঁলোকৰ শীৰ্ষ পৰমাণু বিজ্ঞানীসকলক আমি হত্যা কৰিছোঁ।”

মাৰ্কিন বিষয়ববীয়াসকলে দাবী কৰিছিল যে, ইজৰাইলে আমেৰিকাক জনাইছিল যে, তেওঁলোকে ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতাক হত্যাৰ সুযোগ পাইছে। কিন্তু নেতানিয়াহুৱে তাক আগতীয়াকৈ অস্বীকাৰ কৰিছিল। দেওবাৰে মাৰ্কিন বিষয়ববীয়াসকলৰ দাবী প্ৰকাশ্য হৈ পৰিছিল। একে দিনাই নেতানিয়াহুৱে সংবাদমাধ্যম ‘ফক্স নিউজ’ক এটা সাক্ষাৎকাৰ দি আমেৰিকাৰ সৈতে এনে কোনো আলোচনাৰ কথা অস্বীকাৰ কৰিছিল। তেওঁ কৈছিল, “বহুত ভুৱা খবৰ বিয়পে, যিবোৰৰ বিষয়ে কেতিয়াও আলোচনা হোৱা নাই। মই এইটোৰ বিষয়ে ভাবিবলৈ নিবিচাৰোঁ।”

ইৰাণৰ চৰকাৰী ৰাষ্ট্ৰনেতা ৰাষ্ট্ৰপতি হ’লেও, পশ্চিম এছিয়াৰ এই কট্টৰপন্থী দেশখন মূলতঃ পৰিচালনা কৰে সৰ্বোচ্চ ধৰ্মীয় নেতাই। নেতানিয়াহুৱে ইতিমধ্যে জনাইছে যে, ইজৰাইলৰ সামৰিক আক্ৰমণৰ ফলত ইৰাণৰ শাসক বদলি হ’ব পাৰে। অৱশ্যে, তেওঁৰ নিশানাত ৰাষ্ট্ৰপতি মাছুদ পেজেকশিয়ান নহয়, বৰং শ্বিয়া মুছলিম ৰাষ্ট্ৰ ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা খামেনেই বুলি স্পষ্ট কৰি দিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে।

শুকুৰবাৰে ইজৰাইলী সেনাই ইৰাণৰ পৰমাণু কেন্দ্ৰসমূহক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। ইৰাণেও প্ৰত্যাঘাত কৰিছিল। তাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত সংঘৰ্ষ চলি আছে। সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত পশ্চিম এছিয়াত উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইজৰাইলৰ দাবী, ইৰাণে তেওঁলোকৰ সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ চলাইছে। ইৰাণৰ অভিযোগ, ইজৰাইলে হাস্পতালক লক্ষ্য কৰি আক্ৰমণ চলাইছে। সোমবাৰে নিশা ইৰাণৰ চৰকাৰী সংবাদমাধ্যমৰ কাৰ্যালয়তো আক্ৰমণ হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। সামৰিক সংঘাত এতিয়াও দুয়োখন দেশৰ মাজতেই সীমাবদ্ধ হৈ আছে। তথাপিও পশ্চিম এছিয়াৰ অন্যান্য অঞ্চলতো সংঘৰ্ষ বিয়পি পৰাৰ আশংকা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...