ভাৰতৰ দৰিদ্ৰতাৰ হাৰ এটা দশকত ২৭ কোটি হ্ৰাস পাইছে! বিশ্ব বেংকৰ প্ৰতিবেদনত মোদী চৰকাৰৰ প্ৰশংসা

ভাৰতে ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱৰ পিছতো দৰিদ্ৰতা দূৰীকৰণত উল্লেখযোগ্য সফলতা লাভ কৰিছে। বিশ্ব বেংকৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, বিগত এটা দশকত ভাৰতত ‘চৰম দৰিদ্ৰতা’ উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে। ২০১১-১২ চনত চৰম দৰিদ্ৰতাৰ হাৰ আছিল ২৭.১ শতাংশ, যিটো ২০২২-২৩ চনত কমি ৫.৩ শতাংশ হৈছে।

বিশ্ব বেংকৰ তথ্য অনুসৰি, এই এটা দশকত প্ৰায় ২৭ কোটি (প্ৰকৃততে ২৬ কোটি ৯০ লাখৰ কিছু বেছি) লোকক চৰম দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে ভাৰতে। আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত ইয়াক প্ৰতিবেদনত ‘উল্লেখযোগ্য সফলতা’ বুলি উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে, ২০২০ চনৰ ক’ভিডৰ সময়ছোৱাত ভাৰতত কমেও ৫.৬ কোটি লোক নতুনকৈ দৰিদ্ৰতাৰেখাৰ তললৈ নামি গৈছিল বুলি ২০২২ চনত বিশ্ব বেংকৰ ‘পভাৰ্টি এণ্ড শ্বেয়াৰ্ড প্ৰ’চ্পেৰিটি’ শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছিল।

শেহতীয়া প্ৰতিবেদনত স্পষ্ট হৈছে যে, মহামাৰীৰ সেই প্ৰভাৱ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচী যথেষ্ট আগবাঢ়িছে। আনকি প্ৰতিবেদনত কোৱা হৈছে যে, ২০১১-২৩ চনৰ ভিতৰত নিম্ন-মধ্যম আয়ৰ দৰিদ্ৰতাৰ হাৰো ৫৭.৭ শতাংশৰ পৰা কমি ২৩.৯ শতাংশত থিয় হৈছে। বিশ্ব বেংকে দৰিদ্ৰতাৰ সংজ্ঞা নিৰ্ধাৰণৰ ক্ষেত্ৰত আগতে প্ৰতিদিন ২.১৫ ডলাৰ (প্ৰায় ১৮৪ টকা) খৰচৰ সীমা মানি চলিছিল। ২০২১ চনত তাক বঢ়াই ৩ ডলাৰ (প্ৰায় ২৫৭ টকা) কৰা হৈছিল। তাৰ পিছতো ভাৰতত দৰিদ্ৰ লোকৰ সংখ্যা হ্ৰাস পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...