চৰকাৰী কৰ্মচাৰীয়ে চোবাই গিলিলে ‘ঘোচৰ টকা’!

উত্তৰাখণ্ডৰ ডেৰাডুনত ঘোচ ল’বলৈ গৈ ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী। তদুপৰি, ঊৰ্ধ্বতন বিষয়াসকলক আহি থকা দেখি ঘোচৰ টকা চোবাই গিলি পেলালে তেওঁ! তথাপি, তেওঁ ৰক্ষা পৰা নাছিল। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

ডেৰাডুনৰ কলছি অঞ্চলত পাটোৱাৰী হিচাপে কৰ্মৰত আছিল অভিযুক্ত। তেওঁৰ নাম গুলাম হায়দৰ। ঘোচ লওঁতে তেওঁক হাতে-লোটে ধৰিছিল ৰাজ্যৰ ভিজিলেন্সৰ বিষয়াসকলে। তেওঁক ধৰিবলৈ পূৰ্বৰ পৰা ফান্দ পাতি ৰখা হৈছিল। অভিযোগ অনুসৰি, ধৰা পৰাৰ পিছত প্ৰমাণ নষ্ট কৰাৰ চেষ্টাত তেওঁ চাৰিখন ৫০০ টকীয়া নোট চোবাই চোবাই গিলি পেলাইছিল। পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

জানিব পৰা মতে, স্থানীয় এজন ব্যক্তিক ঘোচ বিচাৰিছিল হায়দৰে। সেই বিষয়ে সংশ্লিষ্ট বিভাগৰ দৃষ্টি আকৰ্ষণ কৰা হৈছিল। অভিযোগ অনুসৰি, বাসস্থানৰ দুখন চৰকাৰী প্ৰমাণপত্ৰ তৈয়াৰ কৰি দিয়াৰ বাবে গুলাম হায়দৰে দুই হাজাৰ টকা ঘোচ বিচাৰিছিল। তাৰ পিছতেই ফান্দ পাতি তেওঁক ধৰা হয়। অভিযোগকাৰীক নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট পৰিমাণৰ টকা লৈ গুলামৰ ওচৰলৈ যাবলৈ কোৱা হৈছিল। তাত ভিজিলেন্সৰ বিষয়াসকলে আগতীয়াকৈ অপেক্ষা কৰি আছিল। চাৰিখন ৫০০ টকীয়া নোট হাতত লোৱাৰ লগে লগে তেওঁক ধৰি লোৱা হয়। প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, ধৰা পৰাৰ পিছত তেওঁ সম্পূৰ্ণ টকাখিনি মুখত ভৰাই চোবাই গিলি পেলাইছিল। ঘোচ গ্ৰহণ, প্ৰমাণ নষ্ট কৰাৰ লগতে একাধিক অভিযোগৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...