সোণাপুৰৰ কচুতলিত পুনৰ গঢ়ি উঠিছে তম্বু, অস্থায়ী ঘৰ

সোণাপুৰৰ কচুতলিত পুনৰ গঢ়ি উঠিছে তম্বু, অস্থায়ী ঘৰ। বসবাস আৰম্ভ কৰিছে উচ্ছেদিত একাংশ লোকে। চৰকাৰ-প্ৰশাসনৰ সকীয়নি, মুখ্যমন্ত্ৰীৰ মৰমৰ ধমক, একোকে কেৰেপ নকৰে কচুতলিত পুনৰ বসতি আৰম্ভ কৰা একাংশ লোকে।

কচুতলিলৈ ঘূৰি আহিছে উচ্ছেদিত একাংশ লোক। কচুতলিৰ মছজিদৰ সমীপৰ অঞ্চলত তম্বু বা অস্থায়ী ঘৰ সাজি পুনৰ একাংশ লোকে বেদখল আৰম্ভ কৰাত উদ্বিগ্ন হৈ উঠিছে সোণাপুৰৰ স্থানীয় লোক তথা একাংশ দল-সংগঠন। ১৪ মে’ত কচুতলিৰ বেদখলমুক্ত ভূমি পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বেদখলমুক্ত কচুতলিত অসম চৰকাৰে কেইবাটাও প্ৰকল্পৰ প্ৰস্তাৱগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অন্যতম দশম আৰক্ষী বাহিনীৰ কাৰ্যালয় স্থাপন। তদুপৰি আন কেইবাটাও প্ৰকল্প প্ৰস্তাৱ কৰিছে চৰকাৰে। এই প্ৰকল্পসমূহৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ বাবে আহ্বান জনাইছে কচুতলিৰ সমীপৰ বিজনী-গুমৰীয়া আদি অঞ্চলৰ ৰাইজে। এক সংবাদমেলযোগে এই আহ্বান জনাই ৰাইজে। ৰাইজৰ আশা, প্ৰকল্পসমূহৰ কাম আৰম্ভ হ’লে কচুলিত চলি থকা বেদখলৰ অপচেষ্টা মষিমূৰ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...