USTMত ৰূপালী জয়ন্তীৰ সৈতে সংগতি ৰাখি Parents-Management Meet

University of Science and Technology Meghalaya (USTM)-এ আজি ৰূপালী জয়ন্তীৰ সৈতে সংগতি ৰাখি এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে আয়োজন কৰিলে Parents-Management Meet। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰা, দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে। অভিভাৱক-কৰ্তৃপক্ষৰ এই সভাত বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য মহবুবুল হক, উপাচাৰ্য্য প্ৰফেছাৰ জি দি শৰ্মাৰ লগতে উচ্চ পৰ্য্যায়ৰ বিষয়া, শিক্ষক, আৰু বিশ্ববিদ্যালয় পৰিচালন পৰিষদে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতেই USTMৰ পঞ্জীয়ক অঞ্জু হাজৰিকাই নিজৰ আদৰণী ভাষণত অভিভাৱকসকলক আদৰি, বিশ্ববিদ্যালয়খনক সকলো সময়তে সহায়-সহযোগিতা আগবঢ়াই অহাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল অভিভাৱক আৰু বিশ্ববিদ্যালয়ৰ মাজত সৰল সংলাপৰ মাজেৰে শিক্ষাৰ গুণ, ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বিকাশ, আৰু ভৱিষ্যত কৰ্মজীৱনৰ বাবে যৌথভাৱে আগবাঢ়ি যোৱা।

বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য প্ৰফেছাৰ জি দি শৰ্মাই কয় যে, অভিভাৱকসকলৰ সহযোগিতাই বিশ্ববিদ্যালয়খনক আৰু অধিক আগুৱাই নিব।

বিশ্ববিদ্যালয়ৰ মাননীয় আচার্য মাহবুবুল হকে তেওঁৰ ভাষণত কয় যে, ‘এই সভাই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক আৰু বিশ্ববিদ্যালয়ৰ পৰিচালনা পৰিষদৰ মাজত গঢ়ি তুলিব এক বিশ্বাস আৰু মধুৰ সম্পৰ্ক।
এই বৈঠকৰ জৰিয়তে অভিভাৱকে নিজৰ সন্তানৰ শিক্ষাৰ অগ্ৰগতি, আচৰণ, আৰু বিশ্ববিদ্যালয়ত কৰা কাৰ্য-কলাপসমূহৰ বিষয়ে জানিব পাৰিব। বিশেষকৈ পিতৃ-মাতৃসকলৰ সৈতে আমাৰ সম্পৰ্ক অটুট থাকিব। এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমি সকলোকে একেলগ কৰি ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিব বিচাৰিছো।’

উল্লেখ্য যে এইবৰ্ষত USTMৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে UGC- NET পৰীক্ষাত। নিজ সন্তানৰ এই অভূতপূৰ্ব সফলতাক লৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ভূমিকাক লৈ ভূয়সী প্ৰশংসা কৰিলে পিতৃ-মাতৃসকলে। বিশ্ববিদ্যালয়ৰ বিশেষ প্ৰচেষ্টাসমূহক প্ৰশংসা কৰি, এই বিশ্ববিদ্যালয়ত উত্তৰ-পূবৰ সকলো ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব লাগে বুলি মত প্ৰকাশ কৰে অভিভাৱকসকলে।

অভিভাৱকসকলে কয় যে, ‘পাঠদানৰ সমান্তৰালকৈ খেলা-ধূলাৰ ব্যৱস্থাও বিশ্ববিদ্যালয়খনত কৰিব লাগে।’ তেওঁলোকে কয়, ‘USTM-ৰ পৰা ভৱিষ্যতে অলিম্পিকত যোগদানৰ বাবে ছাত্ৰ ছাত্ৰীৰ পথ প্ৰশস্ত কৰাটো আমি বিচাৰো। মেঘালয় চৰকাৰলৈ আহ্বান ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগীতা ২০২৭ৰ কিছু সংখ্যক খেল অনুষ্ঠিত হ’ব লাগে USTMৰ খেলপথাৰত।’

এই অনুষ্ঠানতেই বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ বাবে মুকলি কৰা হল “Pimc Health Card'”। এই কাৰ্ডৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলেও লাভ কৰিব পাৰিব বিশেষ সুবিধাসমূহ। এই বিশেষ কাৰ্ডখনে বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ সকলো সদস্যক PA Sangma International Medical College and Hospitalত স্বাস্থ্যজনিত যি কোনো সুবিধা ৰেহাই মূল্যত লাভ কৰিব পাৰিব।

এই অনুষ্ঠানৰ জৰিয়তে USTM-এ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰে—অভিভাৱক আৰু প্ৰতিষ্ঠানৰ মাজত সহযোগিতা থাকিলে শিক্ষাৰ পথ অধিক উজ্জ্বল হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...