ঢাকা বিমানবন্দৰত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেত্ৰী নুছৰত ফাৰিয়া

বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী নুছৰত ফাৰিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ ভাৰতৰ অন্যতম ছবি উদ্যোগ টলিউডতো কাম কৰিছে। তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে। ৰবিবাৰে পুৱা ঢাকা বিমানবন্দৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। নুছৰতে থাইলেণ্ডলৈ যোৱাৰ প্ৰস্তুতি চলাইছিল, কিন্তু বিমানবন্দৰৰ পৰা নুছৰতক গ্ৰেপ্তাৰ কৰা হয়।

ঢাকাৰ ভাটাৰা থানাত নুছৰতৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। সেই গোচৰৰ ভিত্তিতে নুছৰতক গ্ৰেপ্তাৰ কৰা হৈছে। বিগত বছৰৰ জুলাই মাহত গণ-অভ্যুত্থানৰ সময়ত তেওঁৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ উত্থাপিত হৈছিল।

২০১৫ চনত নুছৰতে অভিনয় জীৱন আৰম্ভ কৰিছিল। বাংলাদেশৰ লগতে ভাৰতৰ পশ্চিমবংগতো তেওঁ পৰিচিত। ‘হিৰো ৪২০’, ‘বাদশাহ দ্য ডন’, ‘বছ ২’, ‘ইনস্পেক্টৰ নটি কে’, ‘বিবাহ অভিযান’, ‘আবাৰ বিবাহ অভিযান’ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছে নুছৰতে। ‘মুজিব: দ্য মেকিং অফ এ নেশ্বন’ নামৰ জীৱনীমূলক চলচ্চিত্ৰত তেওঁ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰিত্ৰত অভিনয় কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...