আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰস্তাৱ দিছে বুলি পাকিস্তানৰ জিঅ’ নিউজে বৃহস্পতিবাৰে উচ্চপদস্থ চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি জানিবলৈ দিছে।

এগৰাকী জ্যেষ্ঠ বিষয়াই জিঅ’ নিউজক জনোৱা মতে, “পাকিস্তানে পাৰস্পৰিক স্বাৰ্থৰ ভিত্তিত নিৰ্বাচিত শুল্কখণ্ডত শূন্য শুল্কৰ দ্বিপাক্ষিক চুক্তিৰ প্ৰস্তাৱ দিছে, যাৰ লক্ষ্য হৈছে বিভিন্ন খণ্ডত দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণ।”

এই প্ৰস্তাৱৰ পিছতো ভাৰতে তৃতীয় পক্ষৰ কোনো হস্তক্ষেপৰ কথা অস্বীকাৰ কৰিছে। ভাৰতীয় বিষয়াসকলে জানিবলৈ দিছে যে, দুয়োখন দেশৰ সামৰিক কাৰ্যকলাপৰ ডি জি এম অ’ৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ জৰিয়তে যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱা হৈছিল।

ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে, ভাৰতে আমেৰিকাক “শূন্য শুল্ক”ৰ বাণিজ্য চুক্তিৰ প্ৰস্তাৱ দিছে। কাটাৰত তেওঁ কয়, “ভাৰতে আমাক এনে এখন চুক্তিৰ প্ৰস্তাৱ দিছে, য’ত তেওঁলোকে আমাৰ পৰা কোনো শুল্ক ল’ব নোৱাৰে,” যদিও তেওঁ এই বিষয়ে বিশদভাৱে একো নক’লে।

কিন্তু ভাৰতে ট্ৰাম্পৰ এই দাবীৰ আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে সাৱধানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “সকলো নিৰ্ধাৰণ নোহোৱালৈকে কিবা নিৰ্ধাৰিত বুলি ক’ব নোৱাৰি।” তেওঁ জোৰ দি কয় যে, যিকোনো বাণিজ্য চুক্তি পাৰস্পৰিকভাৱে লাভজনক হ’ব লাগিব।

এই প্ৰস্তাৱৰ পিছতো ভাৰতে তৃতীয় পক্ষৰ কোনো হস্তক্ষেপৰ কথা অস্বীকাৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...