আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ প্ৰস্তাৱ দিছে বুলি পাকিস্তানৰ জিঅ’ নিউজে বৃহস্পতিবাৰে উচ্চপদস্থ চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি জানিবলৈ দিছে।

এগৰাকী জ্যেষ্ঠ বিষয়াই জিঅ’ নিউজক জনোৱা মতে, “পাকিস্তানে পাৰস্পৰিক স্বাৰ্থৰ ভিত্তিত নিৰ্বাচিত শুল্কখণ্ডত শূন্য শুল্কৰ দ্বিপাক্ষিক চুক্তিৰ প্ৰস্তাৱ দিছে, যাৰ লক্ষ্য হৈছে বিভিন্ন খণ্ডত দ্বিপাক্ষিক বাণিজ্য সম্প্ৰসাৰণ।”

এই প্ৰস্তাৱৰ পিছতো ভাৰতে তৃতীয় পক্ষৰ কোনো হস্তক্ষেপৰ কথা অস্বীকাৰ কৰিছে। ভাৰতীয় বিষয়াসকলে জানিবলৈ দিছে যে, দুয়োখন দেশৰ সামৰিক কাৰ্যকলাপৰ ডি জি এম অ’ৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ জৰিয়তে যুদ্ধবিৰতিৰ সিদ্ধান্ত লোৱা হৈছিল।

ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে, ভাৰতে আমেৰিকাক “শূন্য শুল্ক”ৰ বাণিজ্য চুক্তিৰ প্ৰস্তাৱ দিছে। কাটাৰত তেওঁ কয়, “ভাৰতে আমাক এনে এখন চুক্তিৰ প্ৰস্তাৱ দিছে, য’ত তেওঁলোকে আমাৰ পৰা কোনো শুল্ক ল’ব নোৱাৰে,” যদিও তেওঁ এই বিষয়ে বিশদভাৱে একো নক’লে।

কিন্তু ভাৰতে ট্ৰাম্পৰ এই দাবীৰ আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে সাৱধানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “সকলো নিৰ্ধাৰণ নোহোৱালৈকে কিবা নিৰ্ধাৰিত বুলি ক’ব নোৱাৰি।” তেওঁ জোৰ দি কয় যে, যিকোনো বাণিজ্য চুক্তি পাৰস্পৰিকভাৱে লাভজনক হ’ব লাগিব।

এই প্ৰস্তাৱৰ পিছতো ভাৰতে তৃতীয় পক্ষৰ কোনো হস্তক্ষেপৰ কথা অস্বীকাৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...