ভাৰতে পাকিস্তানৰ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল নেকি? বৈদেশিক মন্ত্ৰণালয়ৰ বিবৃতি

মঙলবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে জনোৱা মতে, ভাৰতৰ তৰফৰ পৰা সামৰিক কাৰ্য্যকলাপ সম্পূৰ্ণৰূপে পৰম্পৰাগত (কনভেনচনেল) ক্ষেত্ৰৰ মাজতে সীমাবদ্ধ আছিল।

পাকিস্তানত “পাৰমাণৱিক লিকেজৰ বিষয়ে সামাজিক মাধ্যমৰ চৰ্চা আৰু আন্তঃৰাষ্ট্ৰীয় মাধ্যমৰ প্ৰতিবেদন” সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত ভাৰতে কৈছে যে, এই বিষয়ে পাকিস্তানে উত্তৰ দিব লাগিব।

বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “আমাৰ তৰফৰ পৰা সামৰিক কাৰ্য্যকলাপ সম্পূৰ্ণৰূপে পৰম্পৰাগত ক্ষেত্ৰৰ মাজতে আছিল। এই কথা আমি যোৱা কালিৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ব্ৰিফিঙতো স্পষ্ট কৰিছিলো। ভাৰতৰ স্পষ্ট অৱস্থান যে, আমি পাৰমাণৱিক ভীতিৰ (নিউক্লীয়াৰ ব্লেকমেইল) আগত শিৰনত কৰা নাই আৰু সীমান্তৰ ওপৰেৰে সন্ত্ৰাসবাদক এই ভীতি দেখুৱাবলৈ দিয়া নহ’ব।”

তেওঁ আৰু কয়, “আমি কিছু সামাজিক মাধ্যমৰ পোষ্ট দেখিছো, য’ত মিচৰ, আমেৰিকাৰ বিমান আদিৰ কথা উল্লেখ আছে। কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ তেওঁলোকৰ পৰা আহিব লাগিব, আমাৰ পৰা নহয়।”

“প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ব্ৰিফিঙত আমি আমাৰ লক্ষ্যবোৰৰ বিষয়ে স্পষ্টভাৱে কৈছিলো,” তেওঁ কয়।

ইয়াৰ উপৰিও, পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ৰ শেহতীয়া বিবৃতিৰ প্ৰত্যুত্তৰত মুখপাত্ৰ জয়ছোৱালে কয় যে, যি দেশে শিল্পৰ স্তৰত সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি আহিছে, তাৰ পৰিণামৰ পৰা মুক্তি পাব বুলি ভবাটো নিজকে মূৰ্খতাৰ সন্মুখত থিয় কৰোৱা।

তেওঁ কয়, “আমি পাকিস্তানৰ তৰফৰ পৰা দিয়া বিবৃতি দেখিছো। ভাৰতে ধ্বংস কৰা সন্ত্ৰাসবাদী অৱকাঠামোবোৰ কেৱল ভাৰতীয়ৰ মৃত্যুৰ বাবেই নহয়, বিশ্বৰ বিভিন্ন ঠাইৰ নিৰীহ লোকৰ মৃত্যুৰ বাবেও দায়ী আছিল। এতিয়া এটা নতুন স্বাভাৱিকতা (নিউ নৰ্মেল) সৃষ্টি হৈছে। পাকিস্তানে যিমান সোনকালে এই কথা বুজি পায়, সিমানেই তেওঁলোকৰ বাবে ভাল।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...

মহাকাশতো চীনৰ চোৰাংচোৱাগিৰি! এতিয়াৰ পৰা প্ৰতিটো উপগ্ৰহত নজৰ ৰাখিব চীনে

মহাকাশত চীনৰ চোৰাংচোৱাগিৰিৰ নতুন কৌশল! পৃথিৱীৰ কক্ষপথত থকা উপগ্ৰহসমূহৰ...

মুম্বাইৰ কোষ্টেল ৰোডত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা বাগৰি পৰিল BMW

দেওবাৰে পুৱতি নিশা মুম্বাইৰ কোষ্টেল ৰোডত এখন দ্ৰুতবেগী BMW...

নৱম শ্ৰেণীতেই হাতত টোকাৰী লৈ উপস্থিত হৈছিল ৰেডিঅ’ কেন্দ্ৰত, আজিলৈকে লাভ কৰা নাই নিয়মীয়া শিল্পী পেন্সন

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই টোকাৰী লৈ ডিব্ৰুগড় ৰেডিঅ’ কেন্দ্ৰত...