ইটালীৰ মাউণ্ট এটনাত আগ্নেয়গিৰিৰ উদগীৰণ। সোমবাৰে নিশা উদগীৰণ হয় এই আগ্নেয়গিৰিৰ। লাভা, জুই, ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল। মাউণ্ট এটনাৰ দক্ষিণ–পূব দিশৰ পৰা নিৰ্গত লাভা। উদগীৰণৰ পূৰ্বে প্ৰচণ্ড শব্দই ছানি ধৰে অঞ্চলটো। আগ্নেয়গিৰিৰ কাষতে অৱস্থিত ইটালীৰ ভিনছেনজো বেলিনি বিমান কোঠ। উদগীৰণৰ ফলত কোনো ক্ষয়–ক্ষতি হোৱা নাই বিমান কোঠৰ। উদগীৰণৰ পিছতে কাষৰীয়া অঞ্চলটোত বিশেষ সতৰ্কতা জাৰি।
