ভাৰত-পাকিস্তান সংঘাত : পাকিস্তানত মূল্যবৃদ্ধিৰ সম্ভাৱনা থকা সামগ্ৰীৰ তালিকা

ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক বহু দিনৰ পৰা উত্তেজনাপূৰ্ণ। ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে বাণিজ্যৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছিল। তাৰ পৰিণতিত দুয়োখন দেশৰ মাজৰ বাণিজ্য ক্ৰমান্বয়ে হ্ৰাস পাইছে। তথ্য অনুসৰি, ২০১৮-১৯ বিত্তীয় বৰ্ষত দুয়োখন দেশৰ মাজৰ মুঠ বাণিজ্যৰ পৰিমাণ আছিল ৪,৩৭০ কোটি টকা। কিন্তু পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ পৰা আমদানিৰ ওপৰত ২০০ শতাংশ শুল্ক আৰোপ কৰে, যাৰ ফলত বাণিজ্য তীব্ৰভাৱে হ্ৰাস পায়। ২০১৯-২০ বিত্তীয় বৰ্ষত আট্টাৰী স্থল বন্দৰৰ জৰিয়তে বাণিজ্যৰ পৰিমাণ ২,৭৭২ কোটি টকালৈ নামি আহে।

পাকিস্তানৰ ওপৰত অধিক প্ৰভাৱ:
পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা ইতিমধ্যে সংকটজনক। দেশখনৰ মুদ্ৰাস্ফীতি চৰম পৰ্যায়ত উপনীত হৈছে, আৰু বৈদেশিক মুদ্ৰাৰ সঞ্চয় দ্ৰুতগতিত হ্ৰাস পাইছে। ফলত পাকিস্তান আই এম এফৰ ঋণৰ ওপৰত অত্যধিক নিৰ্ভৰশীল হৈ পৰিছে। এনে পৰিস্থিতিত বাণিজ্য সম্পৰ্কৰ সম্পূৰ্ণ বিচ্ছেদে পাকিস্তানৰ ওপৰত ভাৰততকৈ অধিক প্ৰভাৱ পেলাব। ২০২১-২২ বিত্তীয় বৰ্ষত ভাৰতে পাকিস্তানলৈ ৫১৩.৮২ মিলিয়ন মাৰ্কিন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছিল, আনহাতে, পাকিস্তানৰ পৰা আমদানি আছিল মাত্ৰ ২.৫৪ মিলিয়ন মাৰ্কিন ডলাৰ।

ভাৰতত মূল্যবৃদ্ধিৰ সম্ভাৱনা থকা সামগ্ৰী –
পাকিস্তানৰ পৰা ভাৰতলৈ আমদানি হোৱা সামগ্ৰীৰ ভিতৰত আছে: তৰমুজ, খৰমুজ, চিমেণ্ট, ৰক ছল্ট, শুকান ফল, শিল, চূণ, কপাহ, ষ্টীল, চশমাৰ অপটিকেল সামগ্ৰী, জৈৱিক ৰাসায়নিক পদাৰ্থ, ধাতৱ যৌগ, চামৰাৰ সামগ্ৰী, তাম, গন্ধক, কাপোৰ, চেণ্ডেল আৰু মুলতানী মাটি। বাণিজ্যিক নিষেধাজ্ঞাৰ ফলত এই সামগ্ৰীৰ মূল্য ভাৰতত বৃদ্ধি পাব পাৰে।

ভাৰতৰ পৰা পাকিস্তানলৈ ৰপ্তানি –
ভাৰতে পাকিস্তানলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ভিতৰত আছে: নাৰিকল, ফল-মূল, শাক-পাচলি, চাহ, মছলা, চেনী, তেলৰ গুটি, পশুখাদ্য, দুগ্ধজাত সামগ্ৰী, প্লাষ্টিকৰ সামগ্ৰী, ঔষধ, নিমখ, মটৰৰ যন্ত্ৰাংশ, ৰং আৰু কফি। এই সামগ্ৰীৰ ৰপ্তানি বন্ধ হ’লে পাকিস্তানৰ বজাৰত ইয়াৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা আছে।

ভাৰত-পাকিস্তানৰ বাণিজ্যিক সম্পৰ্কৰ অৱনতিয়ে দুয়োখন দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলাব, কিন্তু পাকিস্তানৰ অৰ্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰভাৱ পাকিস্তানৰ ওপৰত অধিক হ’ব। ভাৰতত পাকিস্তানৰ পৰা আমদানি হোৱা সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ জীৱনযাত্ৰাটো প্ৰভাৱ পেলাব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...