খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অংশগ্ৰহণ কৰিব লগা অসম দলক ৰাজ্য চৰকাৰৰ আনুষ্ঠানিকভাবে শুভেচ্ছা

অহা চাৰিৰ পৰা ১৫ মে’লৈ বিহাৰ আৰু নতুন দিল্লীত অনুষ্ঠিত হ’ব লগা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অংশগ্ৰহণ কৰিব লগা অসম দলক আজি ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগে আনুষ্ঠানিকভাবে শুভেচ্চা জনায়৷ অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ বিশেষ সচিব কে জে হিলালি মুখ্য অতিথিৰূপে উপস্থিত থকা এই অনুষ্ঠানতে অসম দলৰ জাৰ্ছীও আনুষ্ঠানিকভাবে উন্মোচন কৰাৰ লগতে বিতৰণ কৰা হয়৷

উল্লেখ্য যে এইবাৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত ২৭ বিধ খেল অন্তৰ্ভূক্ত কৰা হৈছে আৰু অসমে মুঠ ১৭ বিধ খেলত যোগ্যতা অৰ্জন কৰিছে৷ অসমৰ দলটোৰ সদস্যৰ সংখ্যা হ’ল ১৩৫৷ ইয়াৰে ১০৫ গৰাকী এথলীট আৰু ৩০ গৰাকী প্ৰশিক্ষক-সহায়কাৰী বিষয়া৷ অসমে অংশ ল’ব লগা খেলসমুহ হ’ল ঃ সাঁতোৰ, ভাৰোত্তোলন, এথলেটিকছ, শ্বুটিং, বক্সিং, চাইক্লিং, থাংটা, টেবুল টেনিছ, যোগাসন, ঘাটকা, কালাৰিপায়াটু, জুডো, জিমনাষ্টিক, মাল্লখম্ব, ছেপাকটাক্ৰ’ আৰু ছোৱালীৰ ভলীবল তথা কাবাডী৷

আজিৰ অনুষ্ঠানত অলিম্পিয়ান আৰ্চাৰ তথা অজুৰ্ন সন্মান প্ৰাপ্যক জয়ন্ত তালুকদাৰ, ভাৰোত্তোলনৰ আন্তৰ্জাতিক প্ৰশিক্ষক অনূপ কোঁৱৰ, ক্ৰীড়া বিভাগৰ উপ-সঞ্চালক এন এইছ কৌশিক আদি উপস্থিত থাকে৷ এইবাৰ অসম দলৰ চিফ দ্য মিছনৰ দায়িত্ব দিয়া হৈছে সহকাৰী সঞ্চালক নৱ বসুমতাৰীক৷ আনহাতে, অৰ্নামিকা নুনিছা ন’ডেল বিষয়াৰূপে থাকিব৷

উল্লেখ্য যে বিহাৰে প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া আয়োজনৰ দায়িত্ব লাভ কৰিছে৷ ৰাজ্যখনৰ পাঁচখন চহৰ পাটনা, গয়া, ৰাজগিৰ, বেগুচৰাই আৰু ভাগলপুৰত প্ৰতিযোগিতাৰ খেল হোৱাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিক আৰু ট্ৰেক চাইক্লিং নতুন দিল্লীত হ’ব৷ ৩৬ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় দহ হেজাৰ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...