অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ লক্ষ্য জ্যাকী ভাগনানীৰ

বলীউডৰ অভিনেতা, প্ৰযোজক তথা সংগীত উদ্যোগী জ্যাকী ভাগনানীৰ অসমৰ সৈতে এক বিশেষ আৱেগিক বন্ধন আছে, যিটো কথা চলচ্চিত্ৰ জগত বা সংবাদ মাধ্যমত অধিকাংশ লোকে নাজানে। জ্যাকীৰ মাতৃ পূজা ভাগনানীয়ে শৈশৱ অসমত কটাইছিল, যাৰ ফলত জ্যাকীৰ মনত এই ৰাজ্যৰ প্ৰতি এক গভীৰ সংযোগ গঢ়ি উঠিছে। অসমৰ মাটি, মানুহ আৰু ইয়াৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ সৈতে তেওঁৰ এক আত্মীয়তা আছে।

জ্যাকীয়ে কয়, “মোৰ মায়ে যোৰহাটৰ হেমলতা সন্দিকৈ মেম’ৰিয়েল স্কুলত পঢ়িছিল। তেওঁ প্ৰায়ে নিজৰ শৈশৱৰ সুন্দৰ স্মৃতিবোৰ মোৰ সৈতে ভাগ-বতৰা কৰে, যিবোৰ এতিয়া মোৰ জীৱনৰ অংশ হৈ পৰিছে। এই কাৰণে অসমলৈ আহিলে মই সদায় ঘৰত থকাৰ দৰে অনুভৱ কৰোঁ। এয়া মোৰ বাবে সদায় এক আৱেগিক যাত্ৰা। অসমৰ সংগীত, খাদ্য, প্ৰাকৃতিক সৌন্দৰ্য, শিল্পকলা আৰু সাংস্কৃতিক ঐতিহ্যৰ সকলোবোৰ মোৰ মনত স্থান পায় আৰু পৰিচিত যেন লাগে। প্ৰতি ছমাহৰ মূৰে মূৰে মই কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰোঁ, কাৰণ সেই স্থানৰ পৱিত্ৰ শক্তিয়ে মোক আকৰ্ষণ কৰে।”

জ্যাকীৰ সপোন অসমক চলচ্চিত্ৰ আৰু পৰ্যটনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য গন্তব্য স্থান হিচাপে প্ৰচাৰ কৰা। তেওঁ কয়, “মই এখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ লক্ষ্য ৰাখিছোঁ, যিখন সমগ্ৰ ভাৰতৰ দৰ্শকৰ বাবে উপযোগী হ’ব। এই বছৰৰ ভিতৰত স্থানীয় প্ৰযোজকৰ সৈতে সহযোগিতাত এখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ আগ্ৰহী। এই সৃজনশীল গতিশীলতাক আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছোঁ। পৰিয়ালৰ বন্ধনৰ বাহিৰেও মোৰ কামৰ জৰিয়তে অসমৰ ঐতিহ্য আৰু ভৱিষ্যতৰ প্ৰতি মোৰ আন্তৰিক দায়বদ্ধতা প্ৰতিফলিত কৰিব বিচাৰোঁ।”

জ্যাকীৰ এই প্ৰতিশ্ৰুতিয়ে অসমৰ প্ৰতি তেওঁৰ গভীৰ মৰমক স্পষ্ট কৰে। তেওঁৰ পৰিকল্পনাই অসমীয়া চলচ্চিত্ৰ জগতত নতুন সম্ভাৱনাৰ সৃষ্টি কৰাৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যক জাতীয় পৰ্যায়ত উপস্থাপন কৰাৰ এক সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এইবাৰ জামুগুৰিহাটত নাবালিকাক...

পাকিস্তানত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত ২৪জনকৈ লোক

এই দৃশ্য পাকিস্তানৰ বেলোচিস্তানৰ কোৱেটাৰ। চামান পট্টক ছিগনেল পোৱাৰ...

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...