জম্মু-কাশ্মীৰৰ পেহেলগামৰ আক্ৰমণৰ সময়ৰ শিহৰণকাৰী বৰ্ণনা এগৰাকী মহিলাৰ

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণে কঁপাইছে দেশ। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ২৬ গৰাকী লোক। নিহতৰ ভিতৰত অধিকাংশই পৰ্যটক। নিহতৰ ভিতৰত আছে ইজৰাইল আৰু ইটালীৰ এজনকৈ পৰ্যটক। ঘটনাত আহত হয় আন বহু কেইগৰাকী দেশী–বিদেশী পৰ্যটক। মঙলবাৰে বিয়লি প্ৰায় ২.৩০ বজাত পেহেলগামত বৈচাৰানত সংঘটিত হয় এই ঘটনা। এখন ৰিজ’ৰ্টত আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে। ট্ৰেকিঙৰ বাবে গৈছিল পৰ্যটকৰ দলটো। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় আতংকৰ। পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ সহযোগী TRF-এ স্বীকাৰ কৰিছে ঘটনাৰ দায়িত্ব। TRF লস্কৰ-ই-তৈবাৰ স্থানীয় সন্ত্ৰাসবাদী গোট। ইতিমধ্যে জম্মু-কাশ্মীৰত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ঘটনাক লৈ তীব্ৰ গৰিহনা ছৌদি আৰৱ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ। ২০১৭ চনৰ পিছত সন্ত্ৰাসবাদীৰ বৃহৎ আক্ৰমণ এয়া। পেহেলগামৰ ঘটনাৰ পিছতে উচ্চ পৰ্যায়ৰ বৈঠক গৃহমন্ত্ৰী অমিত শ্বাহৰ। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লায়ো গৰিহণা দিয়ে এই ঘটনাক। ঘটনাক লৈ গৰিহণা ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজাৰৰ। ঘটনাক গৰিহনা আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰদূত মাৰিয়ানো কাউচিনোৰো।

ইফালে এই ঘটনাৰ পিছতে আক্ৰমণৰ সময়ৰ শিহৰণকাৰী বৰ্ণনা এগৰাকী মহিলাৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত মহিলাগৰাকীৰ স্বামী। কৰ্ণাটকৰ শিৱম’গ্গাৰ মঞ্জুনাথ নামৰ এজন লোকৰ প্ৰাণহানি সন্ত্ৰাসবাদী আক্ৰমণত। পত্নী-সন্তানৰ সৈতে ফুৰিবলৈ পেহেলগামলৈ গৈছিল লোকজন। স্বামীৰ মৃত্যুৰ পিছতে মহিলাগৰাকীয়ে তেওঁকো হত্যা কৰিবলৈ কৈছিল সন্ত্ৰাসবাদীক। মহিলাগৰাকীয়ে উল্লেখ কৰে যে, ‘মোৰ স্বামীক হত্যা কৰাৰ পাছতে মোকো মাৰিবলৈ কৈছিলো সন্ত্ৰাসবাদীক। কিন্তু সিহঁতে মোক কৈছিল, তোমাক হত্যা নকৰোঁ, মোদীক গৈ কৈ দিবা।’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...