ৰাজস্থান ৰয়েলছৰ বিষয়ে ৰিয়ান পৰাগে মোতকৈ বেছিকৈহে জানে : নীতিশ ৰাণা

ৰাজস্থান ৰয়েলছে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ৰ প্ৰথম ছয়খন মেচৰ চাৰিখনতে পৰাজয়ৰ সন্মুখীন হৈ স্বাভাবিকতে চাপৰ সন্মুখীন হৈছে৷ বুধবাৰে দলে নিজৰ সপ্তম লীগ মেচত দিল্লী কেপিটেলছৰ মুখামুখি হ’ব৷ এই মেচখন নিশা ৭ .৩০ বজাত নতুন দিল্লীৰ অৰুন জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে দিল্লী কেপিটেলছ দলে এইবাৰ চমকপ্ৰদ আৰম্ভনি কৰি প্ৰথম চাৰিখন মেচত ক্ৰমাগত বিজয় অৰ্জন কৰিছে৷ যোৱা মেচত দলটো প্ৰথম পৰাজয়ৰ সন্মুখীন হয় যদিও পুনৰ গৃহ ষ্টেডিয়ামত খেলা বিষয়টোৱে দিল্লীক সহায় কৰাৰ বিপৰীতে ৰাজস্থান ৰয়েলছলৈ প্ৰত্যাহ্বান লৈ আনিছে৷ অৱশ্যে ৰয়েলছে চাপমুক্ত হৈ ইতিবাচক মানসিকতাৰে মেচখন খেলিবলৈ সাজু বুলি ব্যক্ত কৰে দলৰ নিৰ্ভৰযোগ্য বেটাৰ নীতিশ ৰাণাই৷

‘আই পি এলৰ দৰে বিশ্বৰ এখন শ্ৰেষ্ঠ ক্ৰিকেট লীগৰ প্ৰতিখন মেচতে চাপ থাকে৷ আনহাতে, পেছাদাৰী ক্ৰিকেটাৰে চাপ নিয়ন্ত্ৰণ কৰি প্ৰদৰ্শন কৰাটোৱে মুল কথা৷ এইসময়ত আমি প্ৰত্যাশিত ফলাফল পোৱা নাই৷ কিন্তু প্ৰতিখন মেচতে দলৰ বহু ইতিবাচক দিশো আছে৷ সেইখিনিকে সমলৰূপে লৈ আমি দৃঢ়তাৰে খেলিবলৈ সাজু হৈছো৷’ সংবাদমেলত ৰাণাই ব্যক্ত কৰে৷

উল্লেখ্য যে ৰাজস্থান চাৰি পইণ্টৰে তালিকাৰ অষ্টম স্থানত থকাৰ বিপৰীতে দিল্লীয়ে আঠ পইণ্টৰে দ্বিতীয় স্থানত আছে৷ ৰয়েলছৰ বেটাৰৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা নথকা প্ৰশ্নৰ উত্তৰ দি ৰাণাই কয় ‘দলৰ সফলতাই এনেবোৰ বিষয় মুকলি নকৰে৷ আমি জয় হোৱা মেচত ব্যক্তিগত প্ৰদৰ্শন চোৱা নাই৷ দলৰ সফলতাহে চাইছো৷ প্ৰতিখন মেচৰ পৰিস্থিতিয়ে খেলুৱৈৰ পৃথক প্ৰদৰ্শন নিৰ্ণয় কৰে৷’

ইফালে, কে কে আৰ দলক নেতৃত্ব দিয়া তথা বলিং কৰাৰ অভিজ্ঞতা থকাৰ পাছতো ৰয়েলছত এই ভূমিকা কিয় লোৱা নাই বুলি প্ৰশ্ন কৰাত নীতিশে কয় ‘কে কে আৰত মই সাত বছৰ খেলিছিলো৷ কিন্তু ৰাজস্থান ৰয়েলছত নতুন৷ আৰ আৰ দলৰ দৰ্শন মোতকৈ বেছি ৰিয়ানে জানে৷ সেয়ে টীম মেনেজমেণ্টে সঠিক সিদ্ধান্তই লৈছে৷ আনহাতে, যি উইকেটত মোৰ বলিং দলক সহায় কৰিব বুলি মই জ্ঞাত হ’ম তেতিয়া অধিনায়ক সঞ্জুক নিজেই ব্যক্ত কৰিম৷ আচলতে দল গঠনৰ সময়তে কাৰ কি ভূমিকা হ’ব সেয়া টীম মেনেজমেণ্টে নিশ্চিত কৰি লয়৷’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...