আজি গৰু বিহু

আজি গৰু বিহু। প্ৰতিজন অসমীয়াই পালন কৰিছে গৰু বিহু। পৰম্পৰা অনুযায়ী গৰুক মাহ-হালধিৰে নোৱাইছে–ধোৱাইছে চহা অসমীয়াই।মাহ-হালধিৰে নোৱাই-ধোৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে অসমীয়াই। মাখিয়তী, দীঘলতী লৈ গৰুক গা ধোৱাবলৈ পুৱাই ওলাই আহিল ৰাইজ। ‘লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা’ ধ্বনিৰে মুখৰিত পৰিৱেশ। গধূলি নতুন পঘাৰে বান্ধিব গৰুক। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত গৰু বিহু পালন। ঢোলৰ গুমগুমনি, পেঁপাৰ মাতত মুখৰ গাঁও-চহৰ। বসন্তৰ বতৰাই উন্মনা কৰিছে প্ৰতিজন অসমীয়াৰ দেহ-মন। সমান্তৰালকৈ কংক্ৰিটৰ মহানগৰীতো গৰু বিহু পালন কৰিছে অসমীয়াই। ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰিছে প্ৰত্যেকজন অসমীয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...