ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক ‘গ’ল্ডেন টিকট’ উপহাৰ ৰয়েলছৰ

ৰাজস্থান ৰয়েলছে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল]ত ইতিমধ্যে পাঁচখন মেচ খেলিছে যদিও গৃহভূমি জয়পুৰত দলটোৱে অভিযান আৰম্ভ কৰিবলৈ আগ্ৰহৰে অপেক্ষা কৰি আছে৷ অহা ১৩ এপ্ৰিলত দলে সবাই মানসিং ষ্টেডিয়ামত আই পি এল-২০২৫ ৰ প্ৰথমখন ঘৰুৱা মেচত অৱতীৰ্ণ হ’ব৷ আৰ চি বিৰ বিৰুদ্ধে খেলিব লগা এই মেচখন দিনৰ ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ ইতিমধ্যে আজি আৰ আৰ দল জয়পুৰত আহি উপস্থিত হৈছে৷

এইবাৰ ৰয়েলছে জয়পুৰত পিংক প্ৰ’মিছ মেচসহ মুঠ পাঁচখন খেল খেলিব৷ সবাই মানসিং ষ্টেডিয়ামত হ’বলগা পাঁচোখন আই পি এল মেচলৈ আৰ আৰে বিশেষ অতিথিৰূপে আমন্ত্ৰণ জনাইছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক৷ ৰাজস্থান ৰয়েলছৰ মুখ্য মালিক মনোজ বাদালে আৰু দলটোৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে মুখ্যমন্ত্ৰী শৰ্মাক ‘গ’ল্ডেন টিকট’ উপহাৰ দি জয়পুৰৰ আটাইকেইখন মেচলৈ আমন্ত্ৰন জনাইছে৷ মুখ্যমন্ত্ৰীৰ বাসগৃহত হোৱা আলোচনাত জয়পুৰৰ মেচৰ সফল আয়োজনক লৈয়ো বাৰ্তালাপ কৰা হয়৷

উল্লেখ্য যে ৰয়েলছে আৰ চি বিৰ লগতে জয়পুৰত লক্ষ্ণৌ, গুজৰাট, মুম্বাই আৰু পঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব৷ ইতিমধ্যে প্ৰতিখন মেচৰ টিকট বুকমাই শ্ব’ত মুকলি কৰাৰ লগতে যোৱা সাত এপ্ৰিলৰ পৰা ষ্টেডিয়াম চৌহদত টিকট কাউণ্টাৰ মুকলি কৰা হৈছে৷ অহা এক মে’ত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ‘পিংক প্ৰমিজ’ মেচ বিশেষ আকৰ্ষনীয়৷

আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ প্ৰথম দুখন মেচতে পৰাস্ত হৈ হতাশাৰে ছিজনৰ আৰম্ভনি কৰে যদিও গুৱাহাটী আৰু চণ্ডিগড়ত ক্ৰমাগত দুখন মেচত জয়লাভ কৰি সফল প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয়৷ কিন্তু যোৱানিশা দলটো গুজৰাটৰ বিৰুদ্ধে পুনৰ পৰাস্ত হয়৷ ৰয়েলছে পাঁচখন মেচৰ দুখনত জয়ী হৈ চাৰি পইণ্টৰে তালিকাৰ সপ্তম স্থানত আছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...