দুদিনীয়া ভ্ৰমণ সামৰি কাজিৰঙাৰ পৰা বিদায় ল’লে শচীন তেণ্ডুলকাৰে

দুদিনীয়া ভ্ৰমণ সামৰি কাজিৰঙাৰ পৰা বিদায় ল’লে শচীন তেণ্ডুলকাৰে। কাজিৰঙাৰ পৰা বৰঝাৰ হৈ আজি অসম এৰিব তেণ্ডুলকাৰে। পত্নী–কন্যাৰ সৈতে কাজিৰঙা নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিলে তেণ্ডুলকাৰে। কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰি অভিভূত তেণ্ডুলকাৰ। অসমৰ প্ৰেমত ক্ৰিকেটৰ ভগৱান মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ। কাজিৰঙাৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা শচীন তেণ্ডুলকাৰ। পৰিয়ালৰ সৈতে কাজিৰঙাত জীপ ছাফাৰি কৰি বৰ্ণনা কৰিলে কাজিৰঙাৰ সৌন্দৰ্য। আজি পুৱাই পুনৰ কহঁৰা বনাঞ্চলত প্ৰৱেশ তেণ্ডুলকাৰৰ৷ কহঁৰা বনাঞ্চলত বন বিভাগৰ ঘৰচীয়া হাতীক খুৱালে খাদ্য। মঙলবাৰেও কহঁৰা আৰু বাগৰি বনাঞ্চল দৰ্শন কৰিছিল তেণ্ডুলকাৰে৷ মঙলবাৰে নিশা ৰিজ’ৰ্টত অসমীয়া খাদ্যও গ্ৰহণ কৰে তেণ্ডুলকাৰে। জলপান, চিৰা, মুড়ি, দৈৰ সোৱাদ ল’লে তেণ্ডুলকাৰে। নিশাৰ আহাৰত ভাত, কোমোৰা, ঔটেঙাৰে মাছৰ জোলৰ ল’লে সোৱাদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...