ঈদ খাবলৈ গৈ কৰুণ মৃত্যু একেখন গাঁৱৰে তিনিজনকৈ যুৱকৰ

ঈদৰ আনন্দ-উল্লাসৰ মাজতে ঘটিল কোনেও কাহানিও নভবা অনাকাংক্ষিত ঘটনাটো। ঈদ খাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে একেখন গাঁৱৰে তিনিজনকৈ যুৱকে।

নগাঁও-মৰিগাঁও মূলপথৰ সোণাৰিগাঁৱত নিশা সংঘটিত হয় সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। আৰোহী তিনিজন যুৱকক খুন্দিয়াই পলায়ন অচিনাক্ত বাহনখনৰ। ঘটনাস্থলীতে দ্বীপমণি আৰু চাবিদ নামৰ দুজন যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত চাজিদুল নামৰ এজন যুৱক। যুৱকজনক ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল যদিও মৃত্যু হয় যুৱকজনৰ। AS 01FL 5689নম্বৰৰ বাইকখনৰ আৰোহী আছিল যুৱককেইজন। দুৰ্ঘটনাত নিহত তিনিওৰে ঘৰ মৰিগাঁৱৰ মৰি মুছলিম গাঁৱত। এই ঘটনাই শোকৰ ছাঁ পেলাইছে মৰিগাঁৱত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ; মহিলা ক্ৰিকেটৰ জৰিয়তে স্বৰ্ণ জয় ভাৰতৰ

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ সন্ধান অৱশেষত সফল...

অসম- নাগালেণ্ডৰ মাজত পুনৰ সংঘাত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

পুনৰ উতপ্ত অসম-নাগালেণ্ড সীমান্ত; মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্মত নগা আৰক্ষীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি ছীড ফাৰ্ম অঞ্চলত নগা আৰক্ষীৰ বিৰুদ্ধে অসমীয়া...

অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্ব; অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট

অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অসমলৈ আহিব ক’কৰোছ...