এজোপা গছ কটাৰ বাবে ১ লাখকৈ টকা জৰিমনা

বন ধ্বংসকাৰীৰ বিৰুদ্ধে কঠোৰ উচ্চতম ন্যায়ালয়। এজোপা গছ কটাৰ বাবে ১ লাখকৈ টকা জৰিমনা। ৪৫৪ জোপা গছ কটা এজনক গছে প্ৰতি ১লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে। গছ কটাটো মানুহ হত্যা কৰাতকৈও গুৰুতৰ অপৰাধ বুলি গণ্য কৰে ন্যায়ালয়ে। তাজমহলৰ সমীপৰ সংৰক্ষিত এলেকাৰ ৪৫৪ জোপা গছ কাটিছিল শিৱশংকৰ আগৰৱাল নামৰ এজন লোকে। এই বনধ্বংস সন্দৰ্ভত ন্যায়ালয়ে কেন্দ্ৰীয় ক্ষমতাসম্পন্ন কমিটীৰ পৰা প্ৰতিবেদন লৈছিল। ৰায়টোত ন্যায়ালয়ে কৈছে এই ৪৫৪ জোপা গছ কটাৰ পৰিণতিত পৰিৱেশৰ যি ক্ষতি হল সেয়া পুনৰুদ্ধাৰৰ বাবে কমেও ১০০ বছৰ প্ৰয়োজন হব। সেই গছবোৰ কাটিবলৈ কাৰো অনুমতিৰ কথাও অভিযুক্তই নাভাবিলে বুলি ন্যায়ালয়ে কয়। আগৰৱালাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ শুনানী লৈ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ অভয় এছ ওকাৰ বিচাৰপীঠে এই নিৰ্দশ জাৰি কৰিছে। গছ থাকিলেহে মানুহ থাকিব, সেই কথা অতি গুৰুত্বসহকাৰে লৈ এই ন্যায়ালয়ে দিয়া এই নিৰ্দেশ বনধ্বংসকাৰীৰ বিৰুদ্ধে দৃষ্টান্তমূলক বিবেচিত হৈছে।

Popular

More like this
Related

সপ্তাহত এদিন সম্পূৰ্ণ সিজোৱা খাদ্য খাওক, তেল-মছলাৰ ব্যৱহাৰ কমাওক : স্বাস্থ্যমন্ত্ৰী

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা...

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা। এইবাৰ সাতগাঁৱৰ কোচপাৰাত...

১ কোটি টকা ৰান্ধনীৰ বাবে, ব্যক্তিগত সচিবৰ বাবে ১০ লাখ টকা | ৰতন টাটাৰ ইচ্ছাপত্ৰৰ সবিশেষ

২০২৪ চনৰ অক্টোবৰত মৃত্যুবৰণ কৰা উদ্যোগপতি তথা সমাজহিতৈষী ৰতন...

ঈদ খাবলৈ গৈ কৰুণ মৃত্যু একেখন গাঁৱৰে তিনিজনকৈ যুৱকৰ

ঈদৰ আনন্দ-উল্লাসৰ মাজতে ঘটিল কোনেও কাহানিও নভবা অনাকাংক্ষিত ঘটনাটো।...