বিশ্বজুৰি সৃষ্টি হোৱা উৎকণ্ঠাৰ মাজত সুনীতা উইলিয়ামছৰ প্ৰত্যাৱৰ্তন আৰম্ভ

বিশ্বজুৰি সৃষ্টি হোৱা উৎকণ্ঠাৰ মাজত সুনীতা উইলিয়ামছৰ প্ৰত্যাৱৰ্তন আৰম্ভ। পৃথিৱীৰ প্রায় ৪০০ কিঃমিঃ উচ্চতাত ঘূৰ্ণীয়মান ISSৰ পৰা মৰ্ত্য অভিমুখে ৰাওনা। ভাৰতীয় সময় অনুসৰি পুৱা ৮.১৫ বজাত বন্ধ হ’ল মহাকাশযান SPACEX CREW-10ৰ দুৱাৰ। বৰ্তমান ধীৰ গতিত পৃথিৱী প্রদক্ষিণ কৰি কৰি মৰ্ত্যলৈ ধাৱমান এই মহাকাশযান।

আৰম্ভ হ’ল মহাকাশত ৯ মাহ ৮ দিন ধৰি আবদ্ধ হৈ থকা ভাৰতীয়মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী যুক্তৰাষ্ট্রৰ বুচ উইলম’ৰৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ যাত্ৰা। মাথোঁ ৮ দিনৰ বাবে এক অভিযানত গৈ তেওঁলোকক কঢ়িয়াই নিয়া মহাকাশযানৰ বিজুতিৰ বাবে আন্তৰ্জাতিক মহাকাশকেন্দ্রত আবদ্ধ হৈ পৰিছিল সুনীতা। তেওঁলোকক উদ্ধাৰৰ বাবে নাছাই চলোৱা কেইবাSটাও চেষ্টা ব্যৰ্থ হৈছিল। ড’নাল্ড ট্রাম্প যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নিৰ্বাচিত হোৱাৰ পাছতে তেওঁ তৎপৰ হৈ পৰে সুনীতা আৰু বুচ উইলম’ৰক উদ্ধাৰৰ বাবে।

ইলন মাস্কক শীঘ্রেই সুনীতাক উদ্ধাৰৰ বাবে ব্যৱস্থা ল’বলৈ ট্রাম্পে দিছিল নিৰ্দেশ। মাস্কৰ প্ৰতিষ্ঠান SPACEXএ দায়িত্ব লয় সুনীতা, উইলম’ৰক উদ্ধাৰৰ বাবে। যোৱা ১৬ মাৰ্চত SPACEX CREW-10 মহাকাশযান উপস্থিত হয়গৈ আন্তৰ্জাতিক মহাকাশ আস্থানত। ৪ মহাকাশচাৰীক কঢ়িয়াই নিছিল এই মহাকাশযানখনে। ISSৰ কমাণ্ডাৰ সুনীতাই নতুন নভচৰকেইগৰাকীক সকলো বুজাই সাজু হয় প্ৰত্যাৱৰ্তনৰ বাবে। ভাৰতীয় সময় অনুসৰি পুৱা ৮.১৫ বজাত বন্ধ হয় স্পেচ ক্ৰাফ্টৰ দুৱাৰ। দুঘণ্টা পাছত সফলতাৰে সম্পন্ন হয় ISSৰ পৰা CREW-10ৰ আনডকিং অৰ্থাৎ পৃথকীকৰণ। মঙলবাৰে পুৱা প্ৰায় ১০:৩৫ বজাত সুনীতাসহ ৪ মহাকাশচাৰীক লৈ পৃথিৱীলৈ ৰাওনা CREW-10

পৃথিৱীলৈ উভতি আহিবলৈ ১৭ ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব স্পেচ ক্ৰাফ্টৰ। ভূপৃষ্ঠৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ উচ্চতাৰ পৰা নামি আহিবলৈ কিয় প্ৰয়োজন হৈছে ১৭ ঘণ্টা সময়ৰ। প্রত্যাৱৰ্তনৰ পথত ইলন মাস্কৰ মহাকাশযানখনে সন্মুখীন হ’ব লাগিব বহু প্ৰত্যাহ্বানৰ। মহাকাশৰ মহাশূন্যৰ পৰা পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাটো সহজসাধ্য নহয়। বায়ুমণ্ডলৰ সংস্পৰ্শলৈ অহাৰ লগে লগে মহাকাশযানখনৰ উষ্ণতা তীব্র হৈ পৰিব।

বায়ুমণ্ডলৰ তাপ সহ্য কৰিব পৰাকৈ CREW-10ক আৱৰি আছে এক বিশেষ তাপ ঢাল। বায়ুমণ্ডলৰ স্পৰ্শলৈ অহাৰ লগে লগে খুলি যাব এই তাপ ঢাল। বায়ুমণ্ডলত প্ৰৱেশৰ পাছতে গতিবেগ কমাই অনা হ’ব মহাকাশযানখনৰ।

সুনীতাহঁতক লৈ অহা মহাকাশযানখনে প্ৰত্যাৱৰ্তনৰ পথত সন্মুখীন হ’বলগীয়া প্ৰত্যাহ্বানৰ বাখ্যা দিছে জ্যোতিৰ্বিজ্ঞানী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ড০ কিশোৰ বৰুৱাই।

ভাৰতীয় সময়মতে বুধবাৰে পুৱতি নিশা ৩.২৭ বজাত পৃথিৱীপৃষ্ঠ স্পৰ্শ কৰিব স্পেচ ক্ৰাফ্টখনে। ফ্ল’ৰিডাৰ সাগৰৰ পানীত অৱতৰণ কৰিব সুনীতা উইলিয়ামছসহ ড্ৰেগন স্পেচ ক্ৰাফ্ট। সাগৰৰ মাজভাগৰ পৰা জাহাজেৰে লৈ অনা হ’ব মহাকাশচাৰীসকলক। সুনীতাৰ সৈতে আহিছে বুচ্ছ উইলম’ৰ, নিক হ’গ, আলেকজেণ্ডাৰ গৰ্বান’ভ।

সুনীতা উইলিয়ামছৰ প্ৰত্যাৱৰ্তন যাত্ৰাৰ প্ৰতিটো মুহূৰ্তৰ শিহৰণকাৰী দৃশ্যৰ পোনপটীয়া সম্প্ৰচাৰ কৰিছে নাছাই। সমগ্ৰ বিশ্ববাসীয়ে এতিয়া ৰুদ্ধশ্বাস উৎকণ্ঠাৰে অপেক্ষা কৰিছে সুনীতা উইলিয়ামছসহ ৪ মহাকাশচাৰীৰ সফল প্ৰত্যাৱৰ্তনৰ। বিশ্ববাসীৰ লগতে ভাৰতীয় হিচাপে আমিও তেওঁলোকৰ সফল প্ৰত্যাৱৰ্তনৰ বাবে কৰিছোঁ প্ৰতীক্ষা।

Popular

More like this
Related

মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা

যেন ৰুষ্ট হৈছে প্ৰকৃতি। মহানগৰীৰ কেইবাখনো পাহাৰত বনজুইৰ বিভীষিকা।...

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি

পৃথিৱীমুখী সুনীতা উইলিয়ামছলৈ প্ৰধানমন্ত্ৰী মোদীৰ চিঠি। ঘূৰি আহিলে ভাৰতলৈ...

পৃথিৱীত অৱতৰণ কৰাৰ পাছত কি সমস্যাৰ সন্মুখীন হ’ব পাৰে সুনীতা উইলিয়ামছ?

পৃথিৱীত অৱতৰণ কৰাৰ পাছত কি সমস্যাৰ সন্মুখীন হ’ব পাৰে...

পদে পদে বিপদ, কি কি প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ?

আৰম্ভ হ’ল সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ যাত্ৰা। মহাকাশ আস্থানৰ...