যোৰহাটৰ পুলিবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

যোৰহাটৰ পুলিবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। আজান গাঁৱৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দিয়ালে চাৰিচকীয়া বাহনে। দুৰ্ঘটনাত থিতাতে নিহত বাহনখনত থকা দুজন ছাত্ৰই। মৃত ছাত্ৰ দুজনৰ নাম মুছতাফা মুজাহিদ আৰু ইৰফান হুছেইন। আনফালে সংকটজনক অৱস্থাত JMCHত ভৰ্তি বাহনখনত থকা আন দুগৰাকী ছাত্ৰী ক্ৰমে খুছবু নভেল আৰু আৰিনা বড়োক। নিহত-আহত আটাইকেইগৰাকী আছিল কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 03M 9957।

এই ভয়াৱহ দুৰ্ঘটনাত নিহত এজন ছাত্ৰৰ ঘৰ গোৱালপাৰাত। নিহত মোস্তাফাৰ ঘৰ গোৱালপাৰা চহৰৰ ২ নম্বৰ কল্পনা নগৰত। পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল মোস্তাফা মুজাহিদ। MBAৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ আছিল মোস্তাফা। ঘটনাৰ খবৰ পাই আত্মীয় ৰাওনা হৈছে যোৰহাটলৈ ।

Popular

More like this
Related

হোৱাইট হাউছত ট্ৰাম্প প্ৰশাসনৰ সৈতে বৈঠক Metaৰ CEO মাৰ্ক জাকাৰবাৰ্গৰ

ফেচবুকৰ মূল কোম্পানী METAৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) মাৰ্ক...

ৰোহিত শৰ্মাৰ পিছত এইবাৰ মাধুৰী দীক্ষিতৰ বিষয়ে বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ…

ৰোহিত শৰ্মাৰ বিষয়ে কংগ্ৰেছ নেত্ৰীৰ বিতৰ্কিত মন্তব্যৰ কেইদিনমান পিছতে,...

সুনীতা উইলিয়ামছৰ পৃথিৱীলৈ উভতি অহাৰ পথত আকৌ প্ৰতিবন্ধকতা

স্পেচএক্সে কেনেডী স্পেচ চেণ্টাৰত হাইড্ৰ’লিক চিষ্টেমত সমস্যা ধৰা পৰাৰ...

নিজাকৈ ঘৰুৱা পৰিবহণ বিমান নিৰ্মাণৰ পৰিকল্পনা ভাৰতৰ

ভাৰতে এতিয়া নিজৰ ঘৰুৱা পৰিবহণ বিমান নিৰ্মাণৰ দিশত এক...