পলিটেকনিক শিক্ষকৰ সংস্থাপনৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে সমাধান কৰক : আছু

অসমৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ একাংশ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ দাবীত দীর্ঘদিন ধৰি আন্দোলন অব্যাহত ৰাখিছে যদিও কোনো সুফল পোৱা নাই। তাৰ মাজতে এই সকল শিক্ষকক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ কথাহে ঘোষণা কৰা পৰিলক্ষিত হৈছে। আজি এই সমগ্র বিষয়টো সন্দর্ভত তাৎক্ষণিক হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ জৰুৰী চিঠি প্ৰেৰণ কৰিছে সদৌ অসম ছাত্র সন্থাই। মানৱীয় দৃষ্টিভংগীৰে শিক্ষকসকলৰ সংস্থাপনৰ দিশটো বিবেচনা কৰিবলৈ ছাত্ৰ সন্থাই দাবী জনাইছে।

ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই সন্দর্ভত এক বিবৃতিযোগে কয় যে- বিগত বর্ষসমূহত অসমৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক আৰু প্ৰশাসনীয় কাম-কাজৰ ক্ষেত্ৰত অংশকালীনভাবে নিযুক্তি প্রাপ্ত এই শিক্ষকসকলৰ অৱদান নুই কৰিব নোৱাৰি। অসমৰ পলিটেকনিকসমূহত স্থায়ী নিযুক্তি দিব বিচৰাটো ইতিবাচক কথা। পদসমূহত যোগ্যতাৰ ভিত্তিত স্বচ্ছ নিযুক্তি হোৱাটো ছাত্র সন্থাই বিচাৰে। একে সময়তে, অত বছৰে নিঃস্বার্থভাৱে সেৱা আগবঢ়াই অহা অংশকালীন চাকৰিয়ালসকলকো দলনিত পোনা মেলা দি আঁতৰাই দিব খোজাটোও গ্রহণযোগ্য নহয়। এইসকল শিক্ষকৰো মেধা আৰু যোগ্যতাৰ ভিত্তিতেই নির্দিষ্ট প্রক্ৰিয়াৰ মাজেৰে নিযুক্তি হৈছিল। তেওঁলোকৰ প্ৰায় সংখ্যকেই পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। অনেকৰ নতুন চাকৰিৰ আবেদনৰ বয়সো উকলি গৈছে। তেনে প্রেক্ষাপটত তেওঁলোকক এইদৰে চাকৰিৰ পৰা খেদি দিব বিচৰাটো মানৱতাৰ পৰিপন্থী হৈছে। বিষয়টো মানৱীয় দৃষ্টিৰে বিবেচনা কৰি এক বিশেষ নীতিৰ আধাৰত এই সকল শিক্ষকৰো সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ ছাত্ৰ সন্থাই আহ্বান জনাইছে। এইদৰে হঠাৎ সংস্থাপন হেৰুৱাবলগীয়া হ’লে পৰিয়ালসমূহলৈ অন্ধকাৰ নামি আহিব। বিষয়টো সন্দর্ভত ছাত্র সন্থাই মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...