বৰ্ণিৰ চিন্তুক নৃশংসভাবে হত্যা কৰিলে কোনে?

হাজোৰ বৰ্ণিত কান্দোনৰ ৰোল। বৰ্ণিৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হল মুকালমুৱাৰ চুঙৰবড়ীত। ২ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছিল এজন ছাত্ৰ। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰজন। সেই ছাত্ৰজনৰ ২ মাৰ্চৰ পৰাই কোনো সন্ধান নাছিল। বহু বিচাৰ-খোচাৰ কৰিও কোনো খবৰ পোৱা নাছিল পৰিয়ালৰ লোকে। শেষৰটো পৰীক্ষা দিয়াৰ পূৰ্বেই নোহোৱা হৈছিল চিন্তু। ইয়াকে লৈ কাষ চাপিছিল আৰক্ষীৰো। ১০ দিনৰ অন্তত উদ্ধাৰ মৃতদেহ। গাঁত খান্দি পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো কিয় ঘটিল এই ঘটনা? কোনে কৰিলে এই কাম? আঁৰৰ ৰহস্য কি?

এই ঘটনাত মৃত ছাত্ৰজনৰ সম্পৰ্কীয় খুৰাক ছাদ্দাম হুছেইন জড়িত থকাৰ সন্দেহ। কিছুদিন পূৰ্বে ছাদ্দামে পলুৱাই নিছিল ছাত্ৰজনৰ মাতৃক। তাৰ পাছত পুনৰ মহিলাগৰাকীৰ ঘূৰি আহিছিল ঘৰলৈ। দ্বিতীয়বাৰলৈ পুনৰ পলাই যাবলৈ মহিলাগৰাকীক জোৰ কৰিছিল ছাদ্দামে। কিন্তু তেওঁ যোৱা নাছিল।

ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ছাদ্দাম আলীক। ছাদ্দামৰ স্বীকাৰোক্তিৰ ভিত্তিতেই উদ্ধাৰ কৰা হৈছে ছাত্ৰজনৰ মৃতদেহ। এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৃ-উত্তেজনা সমগ্ৰ অঞ্চলত। ৰাইজে জ্বলাই দিলে অভিযুক্তৰ ঘৰ। দোষীৰ কঠোৰ শাস্তি দাবী তুলিছে সকলোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...