উগ্ৰপন্থীৰ দলে হাইজেক কৰিলে যাত্ৰীবাহী ৰে’ল

পাকিস্তানত ভয়ংকৰ ঘটনা। এখন যাত্ৰীবাহী ৰে’লকে হাইজেক কৰিলে উগ্ৰপন্থীৰ দলে। চাৰি শতাধিক যাত্ৰীসহ জাফৰ এক্সপ্ৰেছ হাইজেক বালুচ লিবাৰেশ্যন আৰ্মীৰ। কুৱেট্টাৰ পৰা পেছোৱাৰলৈ গৈ থকা অৱস্থাতেই ব’লান জিলাত হাইজেক কৰা হয় ৰে’লখন। ৰে’লখনৰ চালকক গুলীয়াই আহত কৰি ৰে’ল ৰখাইছিল জনশূন্য স্থানত। প্ৰাপ্ত খবৰ অনুসৰি BLA উগ্ৰপন্থীৰ গুলীত ৰে’লত থকা ১১জনকৈ নিৰাপত্তাৰক্ষীৰ মৃত্যু। ৰে’লখনৰ ভিতৰত আছে প্ৰায় ডেৰশ পাকিস্তানী সেনা। সশস্ত্ৰ সেনাই অভিযান চলালে অপহৃতসকলক হত্যা কৰা হ’ব বুলি ভাবুকি BLAৰ। বালুচিস্তানৰ চিকিৎসালয় আদিত জৰুৰীকালীন অৱস্থা ঘোষণাৰে কৰা হৈছে সাজু। পাকিস্তানৰ ৰে’ল অপহৰণৰ ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...