ম্যানমাৰৰ নাগৰিকে অৰুণাচলত কৰিলে কানিৰ খেতি

এইবাৰ বহিঃৰাজ্যৰ নহয়, বাহিৰৰ দেশৰ দুষ্কৃতিকাৰী সোমাইছে দেশত! ম্যানমাৰৰ অবৈধ নাগৰিক সোমাই আহিছে অৰুণাচললৈকে। ভাৰতৰ ভূখণ্ডত ম্যানমাৰৰ নাগৰিকে অবৈধভাৱে কৰিছে কৃষি।

এইসমূহ বগা বগা ফুল ফুলি থকা দৃশ্য দেখি আপুনি অনুমান কৰিব পাৰিছেনে এয়া কিহৰ খেতি? প্ৰথমে জানি লওক অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ভাৰত ম্যানমাৰ সীমান্ত border pillar no. 172ৰ সমীপৰ দৃশ্য এয়া। সীমান্তৰ লুংভি আৰু লুংকাহ গাঁৱৰ কাষতে এনেদৰে বিস্তীৰ্ণ অঞ্চলত এই খেতিৰ গছবোৰ এতিয়া লহপহকৈ বাঢ়িছে। ভাল খবৰ নহয়, মাৰাত্মক, নিষিদ্ধ কানি খেতি কৰিছে অবৈধ নাগৰিকে। ৩ হেক্টৰ ভূমিত লহপহকৈ বাঢ়িছে বিষাক্ত কানিৰ গছ

এই তথ্য লাভ কৰাৰ লগে লগে assam rifles, অৰুণাচলৰ নামপঙ থানা আৰক্ষীৰ এটা বৃহৎ দলে সীমান্তৰ দুৰ্গম অঞ্চলটিত অভিযান চলায় আৰু উক্ত পপী খেতিখিনি ধ্বংস কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে একাংশ ম্যানমাৰৰ নাগৰিকে ভাৰতৰ ভূখণ্ডত গোপনে প্ৰৱেশ কৰি ৩ হেক্টৰ মাটিত এই নিষিদ্ধ আৰু মাৰাত্মক পপী শস্যৰ খেতি কৰিছিল, যি পৰৱৰ্তী সময়ত ৰূপান্তৰ কৰিলেহেঁতেন কানি ব্যৱসায়লৈ। এতিয়া প্ৰশ্ন হয়, বিদেশীৰ গোপন প্ৰৱেশ, ভাৰতৰ ভূখণ্ডৰ এটা অঞ্চলত ৩ হেক্টৰ ধৰি নিষিদ্ধ কানিৰ খেতি, এইবোৰ কেনেকৈ সম্ভৱ? আন দেশৰ সৈতে কূটনৈতিক সম্পৰ্ক ভালে ৰাখিবলৈকে প্ৰধানমন্ত্ৰীয়ে সময়ে সময়ে বিদেশ ভ্ৰমণ কৰি থকাৰ পিছতো এই অবৈধ আগ্ৰাসন কিহৰ লক্ষণ? সময় থাকোঁতেই ইয়াৰ প্ৰতিৰোধ অতি প্ৰয়োজনীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...