চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছত অৱসৰ ল’ব নেকি ৰোহিত শৰ্মাই? শুভমনৰ উত্তৰ…

ভাৰতীয় ক্ৰিকেট দলৰ উপ-অধিনায়ক শুভমন গিলে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল মেচৰ পূৰ্বে সংবাদমেলত অংশগ্ৰহণ কৰি নিজৰ বেটিং, ট্ৰফী জয়ৰ আকাংক্ষা আৰু অধিনায়ক ৰোহিত শৰ্মাৰ অৱসৰৰ বিষয়ে কিছু কথা অৱগত কৰে।

ৰোহিত শৰ্মাৰ অৱসৰৰ প্ৰশ্নত শুভমনৰ উত্তৰ-
শুভমনে ক’লে, “এতিয়ালৈকে আমি এই বিষয়ে কোনো আলোচনা কৰা নাই। সকলোৰে মনোযোগ মেচ জয়ৰ ওপৰত। আমি কি কৰিলে মেচ জিকিম, সেয়াই মূল কথা। মোৰ মতে, ৰোহিতেও একেটা কথাই ভাবিছে। তেওঁৰ লক্ষ্য প্ৰথমে চেম্পিয়নছ ট্ৰফী জয় কৰা। কাইলৈ মেচ শেষ হোৱাৰ পিছত তেওঁ হয়তো সিদ্ধান্ত ল’ব, কিন্তু দলৰ কাৰো মুখত এই বিষয়ে শুনা নাই।”

ডুবাইৰ পিচ আৰু বতৰৰ বিষয়ে-
শুভমনে ক’লে, “বতৰ যিয়েই নহওক, পিচৰ ধৰণ একেই থাকিব। এতিয়ালৈকে কোনো মেচত ৩০০ৰ ওপৰৰ স্ক’ৰ দেখা নাই। মই ভাবো এইটো একেই থাকিব।”

প্ৰশিক্ষণৰ কৌশল-
“মই নেটত এনে মনোভাৱ লৈ যাওঁ যে মই মেচত বেটিং কৰি আছোঁ। যদি মই ভালকৈ বেটিং নকৰোঁ, বাউণ্ডেৰী নামাৰোঁ, তেন্তে মই দ্বিতীয় পছন্দৰ পন্থা লওঁ—কেনেকৈ চিংগল ল’ম, পাৱাৰপ্লে’ত স্ক’ৰব’ৰ্ড কেনেকৈ আগবঢ়াম। এইবোৰৰ ওপৰত মই কাম কৰোঁ,” শুভমনে ক’লে।

২০২৩ৰ পৰাজয়ৰ প্ৰসংগ-
“হয়, আমি সেই মেচখন হাৰিছিলোঁ, পিচৰ ধৰণ একেই আছিল। কিন্তু আমি নিজকে উৎসাহিত কৰোঁ, প্ৰদৰ্শন কেনেকৈ উন্নত কৰিম সেই বিষয়ে কথা পাতোঁ। আমি ব্যক্তিগত ভুলৰ কথা তুলি নধৰোঁ, বৰঞ্চ ব্যক্তিৰ ওপৰৰ পৰা চাপ কেনেকৈ আঁতৰাম তাক চাওঁ। এজনে আনজনক সহায় কৰাটো শতৰান বা ৫ উইকেট লোৱাৰ দৰেই গুৰুত্বপূৰ্ণ। এইবোৰ খেলপথাৰত দেখা নাযায়, কিন্তু জয়ত ই বহুত অৰিহণা যোগায়।”

বেটিঙৰ শৈলী-
“মই আগতীয়াকৈ শ্বটৰ কথা নাভাবোঁ। বলৰ প্ৰতি সঁহাৰি দিওঁ। মোৰ বাবে শ্বট খেলাটোতকৈ নিজৰ জ’নত থকাটো গুৰুত্বপূৰ্ণ।”

ডাঙৰ মেচত বেটিং-
“ডাঙৰ মেচত সুযোগৰ সদ্ব্যৱহাৰ কৰাটো জৰুৰী। প্ৰতিখন মেচতে এজন বেটাৰে সেয়া কৰিব বিচাৰে। প্ৰতিখন মেচতে ৫০ বা ১০০ কৰাটো অসম্ভৱ। ডাঙৰ মেচত মই ডাঙৰ স্ক’ৰ কৰিবলৈ চেষ্টা কৰোঁ, সৰ্বশ্ৰেষ্ঠ প্ৰস্তুতি লওঁ। এনে মেচত মই নিজকে ৩-৪টা অতিৰিক্ত বল দিওঁ শ্বট খেলাৰ আগতে।”

উপ-অধিনায়কৰ ভূমিকা-
“মই চাপৰ সৈতে কেনেকৈ মোকাবিলা কৰিম, সেয়া শিকি আছোঁ। মোৰ কাম হ’ল খেলুৱৈসকলক শান্ত কৰা, চাপত থাকিলে পৰিকল্পনাত থাকিবলৈ কোৱা। এইবোৰৰ বিষয়ে মই শিকি আছোঁ।”

ৰোহিত-বিৰাটৰ প্ৰশংসা-
“সৰ্বশ্ৰেষ্ঠ বেটিং লাইন-আপ। ৰোহিত এদিনীয়াৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ, আৰু বিৰাট মানেই বিৰাট।”

প্ৰত্যাশাৰ চাপ-
“ডাঙৰ মেচৰ বাবে নিশ্চিতভাৱে চাপ থাকে। যিয়ে চাপ ভালদৰে চম্ভালে, তেৱেই জয়ী হয়। যেনে পূৰ্বৰ ৱেষ্ট ইণ্ডিজ দল বা ২০০০ৰ দশকৰ অষ্ট্ৰেলিয়া দলে নিজকে চাপৰ বাহিৰত ৰাখি খেলিছিল। কথা কোৱাটো সহজ, কৰাটো কঠিন। চাপ আহিলে মনত সেয়া বাঢ়ি যায়। বিৰাট কোহলীৰ অভিজ্ঞতা এনে পৰিস্থিতিত কামত আহিব, কাৰণ তেওঁ আগতেও এই পৰিস্থিতিৰ মাজেৰে গৈছে।”

ফাইনেল খেলাৰ উৎসাহ-
“মই বৰ উৎসাহিত। এয়া মোৰ দ্বিতীয় ফাইনেল। যোৱাবাৰৰ তুলনাত এইবাৰ ভাগ্য উন্নত কৰিব বিচাৰোঁ। চেম্পিয়নছ ট্ৰফী জিকিব বিচাৰোঁ।”

স্পিনাৰৰ ওপৰত ভাৰতৰ ভৰসা-
ভাৰতীয় দল চেম্পিয়নছ ট্ৰফী জয়ৰ বাবে স্পিনাৰৰ ওপৰত নিৰ্ভৰ কৰিব। ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তীৰ স্পিনে প্ৰতিপক্ষক নিয়ন্ত্ৰণত ৰাখিছে আৰু ফাইনেলতো মুখ্য ভূমিকা পালন কৰিব।

প্লেয়িং XIত সলনিৰ সম্ভাৱনা
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ভাল পিচত খেলিছিল, য’ত ২৮০-৩০০ স্ক’ৰ সম্ভৱ আছিল। তথাপি চাৰিজন স্পিনাৰৰ সৈতে খেলিছিল। ফাইনেলতো একেই সমন্বয় থাকিব বুলি আশা কৰা হৈছে। কিন্তু পিচৰ ধৰণ সলনি হ’লে এজন পেচাৰক অন্তৰ্ভুক্ত কৰিব পাৰে।

Popular

More like this
Related

টীয়কৰ কাকজানত পিষ্টল লৈ ছাত্ৰই চলালে তাণ্ডৱ

পুনৰ শিক্ষাৰ্থীৰ হাতত অস্ত্ৰ। টীয়কৰ কাকজানত পিষ্টল লৈ ছাত্ৰই...

ভাৰতক ২৫২ ৰানৰ টাৰ্গেট দিলে নিউজীলেণ্ডে

ভাৰতক ২৫২ ৰানৰ টাৰ্গেট দিলে নিউজীলেণ্ডে। কিৱি বাহিনীয়ে ৭...

কলিয়াবৰত বনৰীয়া ম’হৰ আতংক

কলিয়াবৰত বনৰীয়া ম'হৰ আতংক। কলিয়াবৰ জমখলা গাঁৱত বিচৰণ এটা...

ধেমাজিৰ জয়ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড

ধেমাজিৰ জয়ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড। পানবাৰী-কাঞ্চকোনাস্থিত বনাঞ্চলত এই অগ্নিকাণ্ড। জুই...