ভাৰতৰ বাবে পাকিস্তানৰ বিশাল আৰ্থিক ক্ষতি; চেম্পিয়নছ ট্ৰফীৰ আয়োজকে হেৰুৱালে ১৯৫ কোটি টকা

পাকিস্তানে ২৯ বছৰৰ পিছত আইচিচি (ICC)ৰ এটা ইভেণ্ট আয়োজন কৰিছিল। কিন্তু ২০২৫ৰ চেম্পিয়নছ ট্ৰফীত পাকিস্তানে এখনো মেচত জয়লাভ কৰিব নোৱাৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ গ’ল। তেওঁলোকে ভাৰত আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন মেচত পৰাজয়ৰ সন্মুখীন হ’ল আৰু এখন খেল বৰষুণৰ বাবে বাতিল কৰা হ’ল।

ভাৰতে পাকিস্তানলৈ যাত্ৰা কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (PCB) ইতিমধ্যে ১৫৬ কোটি টকাৰ ক্ষতিৰ সন্মুখীন হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে ডুবাইত ৪খন মেচ খেলিছে আৰু এই মেচসমূহৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ১৫৬ কোটি টকা খৰচ কৰিবলগীয়া হৈছে। পাকিস্তানত তিনিখন চেম্পিয়নছ ট্ৰফীৰ মেচ বৰষুণৰ কাৰণে বাতিল কৰিবলগীয়া হৈছিল—ৰাৱালপিণ্ডীত ২খন আৰু লাহোৰত ১খন। এই মেচৰ টিকটৰ মূল্য ইতিমধ্যে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ঘূৰাই দিবলগীয়া হৈছে।

ভাৰতে পাকিস্তানলৈ নহাৰ সিদ্ধান্তৰ ফলত পাকিস্তানে মুঠ ১৯৫ কোটি টকাৰ ক্ষতিৰ সন্মুখীন হ’ব। ইফালে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে, ফাইনেল মেচখন লাহোৰৰ পৰা ডুবাইলৈ স্থানান্তৰিত হোৱাৰ ফলত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আকৌ ৩৯ কোটি টকাৰ ক্ষতি বহন কৰিব লাগিব।

বুধবাৰে লাহোৰত অন্তিমখন চেম্পিয়নছ ট্ৰফীৰ মেচ অনুষ্ঠিত হৈছিল, য’ত নিউজিলেণ্ডে দ্বিতীয়খন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...