৩ শিক্ষকে অপহৰণ কৰিলে পৰীক্ষা দিবলৈ যোৱা শিক্ষার্থীক

উত্তৰ প্ৰদেশৰ বালিয়াত সংঘটিত হৈছে এক শিহৰণকাৰী অপহৰণ কাণ্ড। ৰাজ্যখনৰ এখন কনভেন্ট বিদ্যালয়ৰ তিনিগৰাকী শিক্ষকে দশম শ্ৰেণীৰ শিক্ষার্থীক অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হয়। যোৱা ২৫ ফেব্রুৱাৰীত ১৬ বছৰীয়া শিক্ষার্থীগৰাকীয়ে পৰীক্ষা দিবলৈ ঘৰৰ পৰা ৰাওনা হোৱাৰ পাছত বাটত তেওঁক অপহৰণ কৰা হয়। অভিযোগ অনুসৰি বিদ্যালয়খনৰ এগৰাকী প্রাক্তন শিক্ষকে দুগৰাকী শিক্ষকৰ সহায়ত এই অপহৰণ কাণ্ড সংঘটিত কৰে। যোৱা ২৫ ফেব্ৰুৱাৰীত পৰীক্ষা দিবলৈ যোৱা শিক্ষার্থীগৰাকীক বহু বিচাৰ-খোচাৰ কৰাৰ পাছতো সম্ভেদ নোপোৱাত আৰক্ষীক অভিযোগ দাখিল কৰা হয়। অনুসন্ধানকালত পোহৰলৈ অহা মতে বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষক অজয় চৌহাতে আন দুগৰাকী শিক্ষক প্রিয়াংশু আৰু সন্দিপৰ সহযোগত অপহৰণ কাণ্ড সংঘটিত কৰে। অৱশ্যে, শিক্ষার্থীগৰাকীৰ অপহৰণৰ কাৰণ বৰ্তমানলৈ পোহৰলৈ অহা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...