দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অ’চি বিৰিঞ্চি দাসে, নিশা মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা

নিশা মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী চুইফট বাহনে মহতিয়াই নিলে স্কুটী চালকক। দুৰ্ঘটনাত মৃত্যু ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ। নিহত অ’চিজনৰ নাম বিৰিঞ্চি দাস। গেম ভিলেজৰ সমীপত সংঘটিত এই দুৰ্ঘটনা। এমাহ পূৰ্বে মৃত্যু হৈছিল বিৰিঞ্চি দাসৰ মাতৃৰ। মাতৃৰ বিয়োগৰ পিছতে ছুটীত আছিল অ’চি বিৰিঞ্চি দাস। উল্লেখ্য যে আজি পুনৰ চাকৰিত যোগদান কৰাৰ কথা আছিল বিৰিঞ্চি দাসৰ। দুৰ্ঘটনা সংঘটিত কৰা চুইফটখনৰ নম্বৰ AS 01AY 9101। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে চুইফট বাহনসহ চালকৰ। জালুকবাৰী দিশৰ পৰা আহিছিল তীব্ৰবেগী বাহনখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত ভূমিস্খলনৰ ফলত বুঢ়ী গণ্ডকী নদীত ভয়াৱহ বানৰ আশংকা, নিৰাপদ স্থানলৈ যোৱাৰ পৰামৰ্শ গাঁওবাসীক

ভূমিস্খলনৰ ফলত নদীত বানপানীৰ সৃষ্টি হোৱাত নেপালৰ কৰ্তৃপক্ষই দেওবাৰে...

মেলবৰ্ণ মাৰাথনত এলিউড কিপচ’গেৰ চমক, ভংগ কৰিলে দৌৰৰ পূৰ্বৰ অভিলেখ

দুবাৰৰ অলিম্পিক চেম্পিয়ন কেনিয়াৰ তাৰকা দৌৰবিদ এলিউড কিপচ’গেৰ দুৰ্দান্ত...

CJPৰ শীৰ্ষ তিনিগৰাকী নেতাক মুকলি; আদালতৰ নিৰ্দেশত মুকলি অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা আটক হোৱা...

ৰিয়াধৰ বিমানবন্দৰত ভয়াৱহ আক্ৰমণ;১২জন নিহত, ৩০৯জন আহত

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা...