মেলবৰ্ণ মাৰাথনত এলিউড কিপচ’গেৰ চমক, ভংগ কৰিলে দৌৰৰ পূৰ্বৰ অভিলেখ

দুবাৰৰ অলিম্পিক চেম্পিয়ন কেনিয়াৰ তাৰকা দৌৰবিদ এলিউড কিপচ’গেৰ দুৰ্দান্ত প্ৰদৰ্শন। দেওবাৰে অনুষ্ঠিত মেলবৰ্ণ মাৰাথনত নতুন ৰেকৰ্ড গঢ়ি দখল কৰিলে প্ৰথম স্থান। ৪২.২ কিলোমিটাৰৰ দৌৰ সম্পূৰ্ণ কৰিবলৈ কিপচ’গেই সময় লয় ২ ঘণ্টা ৯ মিনিট ১০ ছেকেণ্ড। ইয়াৰ লগে লগে মেলবৰ্ণ মাৰাথনৰ পূৰ্বৰ অভিলেখ দুটা ছেকেণ্ডে ভংগ কৰে ৪১ বছৰীয়া তাৰকাগৰাকীয়ে।

দৌৰৰ অন্তিম ১০ কিলোমিটাৰত প্ৰতিদ্বন্দ্বীসকলক পিছ পেলাই আগবাঢ়ি যায় কিপচ’গে। অষ্ট্ৰেলিয়াৰ থমাছ ডো কাণ্টো ২ ঘণ্টা ১০ মিনিট ৩৫ ছেকেণ্ডেৰে দ্বিতীয় আৰু ৰিছ এডৱাৰ্ডছ ২ ঘণ্টা ১৫ মিনিট ৫৭ ছেকেণ্ডেৰে তৃতীয় স্থানত থাকে।

আনহাতে, মহিলাৰ শাখাত নিউজিলেণ্ডৰ কেমিল ফ্ৰেঞ্চে ২ ঘণ্টা ২৮ মিনিট ২৫ ছেকেণ্ডেৰে প্ৰথম স্থান লাভ কৰে। অষ্ট্ৰেলিয়াৰ ছিনেড ডাইভাৰ দ্বিতীয় আৰু আয়াৰলেণ্ডৰ নিকোলা শ্বেৰিডান তৃতীয় স্থানত থাকে।

মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড (MCG)ত দৌৰৰ সামৰণি পৰাৰ পিছত অনুৰাগীসকলৰ সৈতে সময় কটায় কিপচ’গেই। ১৯৫৬ চনৰ অলিম্পিক মাৰাথনৰ আৰম্ভণি আৰু সামৰণি হোৱা ঐতিহাসিক ষ্টেডিয়ামখনত দৌৰ সম্পূৰ্ণ কৰি আনন্দ প্ৰকাশ কৰে তেওঁ।

উল্লেখযোগ্য যে ২০২৩ চনৰ পিছত এয়া কিপচ’গেৰ প্ৰথম মাৰাথন জয়। বিশ্বৰ সাতোখন মহাদেশত মাৰাথন দৌৰাৰ লক্ষ্যৰে আৰম্ভ কৰা বিশ্ব ভ্ৰমণৰ অংশ হিচাপে অষ্ট্ৰেলিয়াত অংশগ্ৰহণ কৰে তাৰকাগৰাকীয়ে। যুৱ প্ৰজন্মৰ সৈতে দৌৰিবলৈ পাই আনন্দিত বুলি উল্লেখ কৰি ৪১ বছৰীয়া কিপচ’গেই কয়, “মই Gen Z প্ৰজন্মৰ সৈতে দৌৰিবলৈ পাই সুখী।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত উজলিল অসম কন্যা; জেহেনা আকতাৰৰ তিনিটাকৈ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ জীয়ৰী জেহেনা আকতাৰ। বেংগালুৰুত...

নেপালত ভূমিস্খলনৰ ফলত বুঢ়ী গণ্ডকী নদীত ভয়াৱহ বানৰ আশংকা, নিৰাপদ স্থানলৈ যোৱাৰ পৰামৰ্শ গাঁওবাসীক

ভূমিস্খলনৰ ফলত নদীত বানপানীৰ সৃষ্টি হোৱাত নেপালৰ কৰ্তৃপক্ষই দেওবাৰে...

CJPৰ শীৰ্ষ তিনিগৰাকী নেতাক মুকলি; আদালতৰ নিৰ্দেশত মুকলি অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা আটক হোৱা...

ৰিয়াধৰ বিমানবন্দৰত ভয়াৱহ আক্ৰমণ;১২জন নিহত, ৩০৯জন আহত

ছৌদি আৰৱৰ ৰাজধানী ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হোৱা...