CJPৰ প্ৰতিবাদৰ পূৰ্বে আটক হোৱা ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক দেওবাৰে পুৱতি নিশা মুকলি কৰি দিয়ে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ককৰোচ জনতা পাৰ্টি (CJP)-এ আহ্বান জনোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰাৰ লগতে তেওঁক আটক কৰাৰ কেইঘণ্টামান পিছতে মুকলি কৰি দিয়া হয়।
বিষয়াসকলে জনোৱা অনুসৰি, দেওবাৰে পুৱা ৩ বজাত ধ্ৰুৱ ৰাঠীক মুকলি কৰি তেওঁৰ পৰিয়ালৰ হাতত গতাই দিয়া হয়। শনিবাৰে পুৱা প্ৰায় ৭.৩০ বজাত গুৰুগ্ৰামৰ ছেক্টৰ ৫৬-ৰ কেন্দ্ৰীয় বিহাৰ ছ’চাইটিত থকা তেওঁৰ বাসগৃহৰ পৰা তেওঁক আটক কৰা হৈছিল।
