আজি অন্ত পৰিব প্ৰয়াগৰাজৰ মহাকুম্ভমেলাৰ

আজি অন্ত পৰিব প্ৰয়াগৰাজৰ মহাকুম্ভমেলাৰ। যোৱা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ঐতিহাসিক হিন্দু মহোৎসৱৰ সামৰণি পৰিব মহাশিৱৰাত্ৰিৰ দিনা। যোৱা প্ৰায় ডেৰ মাহ ধৰি চলা এই মহা কুম্ভমেলাত বৰ্তমানলৈকে কেইবা কোটি ভক্তই পুন্যস্নান কৰি আহিছে। প্ৰথম দিনাৰে পৰা অন্তিম দিনালৈকে প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত সমবেত হয় দেশ–বিদেশৰ ভক্তসকলে। বুধবাৰে পুৱা ১১ বাজি ৮ মিনিটৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ পৰা ৮ বাজি ৫৪ মিনিটলৈকে মহাশিৱৰাত্ৰিৰ এই পৱিত্ৰ ক্ষণত সমবেত হ’ব আন কেইবা হাজাৰ ভক্ত। মঙলবাৰে পুৱাৰে পৰা ত্ৰিৱেনী সংগমত পুন্য স্নানৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে ভক্তৰ ভিৰ। পুন্যস্নানৰ বাবে পৱিত্ৰ ক্ষণ ৰূপে নিৰ্ধাৰণ কৰা হৈছে দিনটোৰ কেইবাটাও মুহূৰ্ত। সেই মতে পুৱা ৫বাজি ৯ মিনিটৰ পৰা পুৱা ৬ বাজি ৫৯ মিনিটলৈকে হ’ব ব্ৰহ্ম মুহূৰ্ত। সন্ধিয়া ৬ বাজি ১৬ মিনিটৰ পৰা ৬ বাজি ৪২ মিনিটলৈকে আন এক শুভমুহূৰ্তত ত্ৰিৱেনী সংগমত স্নান কৰিব ভক্তসকলে। মাজনিশা ১২ বাজি ৯ মিনিটৰ পৰা ১২ বাজি ৫৯ মিনিটলৈকেও এই শুভ মুহূৰ্তত ত্ৰিৱেণী সংগমত স্নান কৰিবলৈ সাজু হৈছে আন কেইবা হাজাৰ ভক্ত। মহা কুম্ভমেলাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বুধবাৰে প্ৰয়াগৰাজত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, আধ্যাত্মিক অনুষ্ঠান, ধৰ্মীয় সমদলকে ধৰি সমবেশ ঘটিব বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাধু–সন্যাসী আৰু কেইবা হাজাৰ ভক্তৰ। প্ৰয়াগৰাজৰ এই মহা কুম্ভমেলাৰ পিছত ২০২৭ত পৰৱৰ্তী কুম্ভমেলা অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ নাচিকত। উল্লেখ্য যে প্ৰয়াগৰাজত অনুষ্ঠিত এইবাৰৰ মহাকুম্ভমেলাত ৫০ কোটিৰ অধিক ভক্তই পুন্যস্নান সমাপন কৰে। যোৱা ২৯ জানুৱাৰীৰ মৌনী অমাৱস্যাত পৱিত্ৰ স্নানৰ বাবে ত্ৰিবেণী সংগমত কেইবা কোটি ভক্ত সমৱেত হোৱাৰ সময়তে পদপিষ্ট ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় ৩০জনৰো অধিক ভক্তই।

Popular

More like this
Related

বঙাইগাঁও শোধনাগাৰৰ সামৰ্থ সম্প্ৰসাৰণত সহায় কৰিবলৈ কেন্দ্রীয় মন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ উপস্থিতিত অসমৰ শক্তি খণ্ডৰ...

অস্মিতা বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি, শুচিস্মিতা চক্ৰৱৰ্তীৰ দ্বিমুকুট অৰ্জন

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...

আজি মহাশিৱৰাত্ৰি, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ ৰুদ্ৰদেৱক পূজিছে ভক্তই

আজি মহাশিৱৰাত্ৰি। শিৰে অৰ্ধ চন্দ্ৰমা, কণ্ঠে হলাহল। ব্যাঘ্ৰচৰ্ম পৰিয়া,...

এডভান্টেজ আছাম ২.০ সম্মিলনে বিকাশ আৰু সুযোগৰ নতুন যুগৰ সূচনা কৰিবঃ মুখ্যমন্ত্রী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এডভান্টেজ আছাম ২.০ সম্মিলন...