সাম্প্রতিক সময়ত এনে শিক্ষাৰ প্ৰয়োজন যি শিক্ষাই শিক্ষার্থীসকলক স্বাভিমানী আৰু স্বাৱলম্বী কৰি এক মহান ভাৰতীয় হিচাপে গঢ়ি তুলিব পাৰেঃ ড° শৰ্মা
বিদ্যাভাৰতীৰ অভিজ্ঞতাভিত্তিক আৰু অৰ্থপূর্ণ শিক্ষাই মানৱ সম্পদ সৃষ্টিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে: মুখ্যমন্ত্রী
শিক্ষা, সংস্কৃতি, ক্রীড়া আদি প্রতিটো দিশতে এতিয়া অসমে নতুন নতুন অভিলেখ সৃষ্টি কৰিবলৈ আগবাঢ়িছেঃ মুখ্যমন্ত্রী
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ দ্বাৰা প্ৰথমবাৰৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত সমুৎকর্ষ মহাশিবিৰৰ সামৰণি অনুষ্ঠানত অংশগ্রহণ কৰে। উল্লেখ্য যে, বিদ্যাভাৰতীৰ অন্তৰ্গত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আচার্য-আচার্যা, অভিভাৱক, প্রাক্তন ছাত্র-ছাত্ৰী আৰু পৰিচালনা সমিতিৰ সদস্যসকল উপস্থিত থকা সমুৎকর্ষ মহাশিবিৰৰ আজিৰ এই সামৰণি অনুষ্ঠানটোত ৫ হাজাৰ শিক্ষার্থীয়ে সমবেতভাৱে ঘোষ বাদ্য আৰু বিভিন্ন যোগ-আসন প্ৰদৰ্শন কৰাৰ লগতে সহস্রাধিক শিক্ষার্থীয়ে বিহুনৃত্য প্রদর্শন কৰে।
অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে এই মহাশিবিৰৰ জৰিয়তে এক উমৈহতীয়া মঞ্চ প্রদানেৰে ছাত্র-ছাত্রীসকলক অন্তর্নিহিত প্রতিভাসমূহ প্রদৰ্শনৰ লগতে অন্বেষণ, শিক্ষণ আৰু বিকাশৰ বাবে প্ৰদান কৰা সুযোগৰ বাবে বিদ্যাভাৰতীৰ কৰ্মকৰ্তাসকলৰ শলাগ লয়। তেওঁ কয় যে বিগত কেইবাদশক ধৰি ভাৰতীয় শিক্ষা ব্যৱস্থাত এক অগ্রণী ভূমিকা পালন কৰি অহা বিদ্যাভাৰতী এনে এক শিক্ষানুষ্ঠান য’ত প্ৰদান কৰা অভিজ্ঞতাভিত্তিক আৰু অর্থপূর্ণ শিক্ষাই মানৱ সম্পদ সৃষ্টিত গুৰুত্বপূর্ণ অৱদান আগবঢ়াই আহিছে। বর্তমান সময়ত শিক্ষার্থীসকলৰ সামগ্রিক বিকাশৰ জৰিয়তে জীৱনৰ প্ৰত্যাহ্বানসমূহ সম্মুখীন হ’বলৈ সামর্থবান কৰিব পৰা শিক্ষাৰ প্ৰয়োজন বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সাম্প্রতিক সময়ত এনে শিক্ষাৰ প্ৰয়োজন যি শিক্ষাই শিক্ষার্থীসকলক স্বাভিমানী আৰু স্বাৱলম্বী কৰি এক মহান ভাৰতীয় হিচাপে গঢ়ি তুলিব পাৰে। বিদ্যাভাৰতীয়ে জন্মলগ্নৰে পৰা এনে আৱশ্যকতাক বাস্তৱ ৰূপ দিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে সংগঠনটোৱে ভাৰতকেন্দ্ৰিক তথা পঞ্চপদী শিক্ষণ পদ্ধতিৰে নিম্ন পৰ্যায়ৰ পৰা উচ্চ পর্যায়লৈ প্রচলিত শিক্ষা ব্যৱস্থাৰ আধাৰত মাতৃভাষাত প্ৰদান কৰা শিক্ষাই প্রতিজন শিক্ষার্থীক আধ্যাত্মিক আৰু নৈতিক দিশত চৰিত্ৰ গঠন কৰি তেওঁলোকক সমাজৰ বাবে সম্পদ ৰূপে গঢ়ি তুলিছে। বিদ্যাভাৰতীয়ে শাৰীৰিক শিক্ষা, যোগ শিক্ষা, নৈতিক শিক্ষা আৰু আধ্যাত্মিক শিক্ষা, সংগীত শিক্ষা সকলো বিদ্যালয়তে বাধ্যতামূলকভাৱে সুনির্দিষ্ট পাঠ্যক্ৰমৰ জৰিয়তে অন্তর্ভূক্ত কৰি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে উত্তৰ অসম প্ৰান্তৰ উপৰি দক্ষিণ-পূব তথা উত্তৰ-পূব অসমৰ সকলো ৰাজ্য সামৰি সাতশৰো অধিক নিকেতন স্থাপন হোৱাটোৱে বিদ্যাভাৰতীৰ শিক্ষা প্রদানৰ সফলতাকে দাঙি ধৰিছে। স্কুলীয়া শিক্ষাৰ সমান্তৰালভাৱে বিদ্যাভাৰতীয়ে উচ্চ শিক্ষাৰ জগতখনতো আগবাঢ়ি যাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি ড° শৰ্মাই কয় যে অসমৰ শ্রীভূমি জিলাত প্রথমখন মহাবিদ্যালয় আৰু গুৱাহাটীৰ চন্দ্ৰপুৰত প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় স্থাপনৰ জৰিয়তে বিদ্যাভাৰতীয়ে উচ্চ শিক্ষাৰ জগতখনলৈ অনন্য বৰঙণি যোগোৱাৰ দিশত আগবাঢ়িছে। শিক্ষার্থীসকলৰ সামগ্রিক বিকাশৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ মহান যজ্ঞত অগ্ৰসৰ হোৱা বিদ্যাভাৰতীয়ে আয়োজন কৰা এই সমুৎকর্ষ মহাশিবিৰ নিঃসন্দেহে এক প্রশংসনীয় পদক্ষেপ বুলিও তেওঁ কয়।
ভাষণত মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে পৃথিবী, জল, অগ্নি, বায়ু আৰু আকাশ- এই মহাপঞ্চভূত আৰু পঞ্চকোষ অর্থাৎ, অন্নময়, প্রাণময়, মনোময়, বিজ্ঞানময় আৰু আনন্দময় কোষসমূহৰ যোগেদি ব্যক্তিত্ব বিকাশৰ বাবে আয়োজন কৰা এই শিবিৰে অংশগ্ৰহণকাৰী সকলক আত্ম উপলব্ধি, নাগৰিকৰ দায়বদ্ধতা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচতেন হ’বলৈ অনুপ্রাণিত কৰিব। শিক্ষার্থীসকলৰ মন, শৰীৰ আৰু আত্মাৰ আন্তঃসংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে এই শিবিৰে সাংস্কৃতিক মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতিও ছাত্ৰ-ছাত্ৰী সকলৰ সজাগতা বৃদ্ধি কৰিব বুলিও মন্তব্য কৰি তেওঁ কয় যে বিদ্যা ভাৰতীৰ অভিনর শিক্ষণ পদ্ধতি ‘পঞ্চপদী’ ব্যৱস্থাৰে শিক্ষা গ্রহণ কৰা শিক্ষাৰ্থীসকলৰ এই সমুৎকর্ষ মহাশিবিৰৰ যোগেদি শাৰীৰিক কার্যকলাপ, সংগীত, যোগাসন আৰু আধ্যাত্মিক শিক্ষাৰ কাৰ্যক্ৰমে আত্ম-বীক্ষণ আৰু সবলীকৰণৰ অনুঘটকৰূপে কাম কৰিব। আজিৰ অনুষ্ঠানত ৫০০০ ছাত্র-ছাত্রীয়ে সমবেতভাৱে পৰিবেশন কৰা ঘোষ বাদ্য প্ৰদৰ্শন আৰু শাৰীৰিক প্ৰদৰ্শনৰ লগতে ১০০০ ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰা বিহুয়ে এই মহাশিবিৰ যে প্ৰতিভা বিকাশৰ উৰ্বৰ থলীত পৰিণত হৈছে তাৰ নিদৰ্শন দাঙি ধৰিছে বুলিও তেওঁ কয়।
বিভিন্ন জাতি-জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ অংশ গ্রহণেৰে সমুৎকর্ষ মহাশিবিৰ সামজিক ঐক্য আৰু সম্প্ৰীতিৰ মহামিলনথলীত পৰিণত হৈছে বুলি মন্তব্য কৰি ড° শৰ্মাই এই মহাশিবিৰে সামাজিক সম্প্রীতি আৰু বহনক্ষম উন্নয়নৰ দিশত এক যাত্ৰাৰ সূচনা কৰি নৱ প্ৰজন্মক ইতিবাচক পৰিৱৰ্তনৰ মাগদৰ্শক ৰূপে গঢ়ি তোলাত সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে। তদুপৰি, এই মহাশিবিৰত লাভ কৰা শিক্ষা আৰু অভিজ্ঞতাই শিক্ষার্থীসকলক ভৱিষ্যৎ জীৱনত পৰিয়াল, সমাজ আৰু জাতিৰ প্ৰতি গুৰুত্বপূৰ্ণ অৰিহণা যোগাবলৈ সক্ষম কৰি তুলিব বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই মহাশিবিৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাঙ্গীন বিকাশ ঘটিব যিয়ে গতানুগতিক শিক্ষাৰ সমান্তৰালভাৱে অন্যান্য দিশতো তেওঁলোকক আগবাঢ়ি যাবলৈ সক্ষম কৰি তুলিব।