পদ্মভূষণ সন্মানেৰে বিভূষিত যশস্বী সত্ৰীয়া নৃত্যশিল্পী যতীন গোস্বামীক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পদ্মভূষণ সম্মানেৰে বিভূষিত যশস্বী সত্রীয়া নৃত্যশিল্পী যতীন গোস্বামীৰ গুৱাহাটী মহানগৰীৰ নুনমাটিস্থিত বাসভৱনত আজি উপস্থিত হৈ তেওঁ লাভ কৰা শেহতীয়া এই সন্মানৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সত্ৰীয়া নৃত্য বিশাৰদগৰাকীৰ সৈতে সত্ৰীয়া নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰ সম্পৰ্কে বাৰ্তালাপ কৰে। সাক্ষাৎকালত যশস্বী শিল্পীগৰাকীয়ে সত্ৰীয়া নৃত্যৰ প্ৰসাৰৰ দিশত কেতবোৰ পৰামৰ্শ মুখ্যমন্ত্ৰীলৈ আগবঢ়ায়। সত্রীয়া নৃত্যই যাতে দেশ আৰু বিদেশত আৰু অধিক প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিব পাৰে সেই দিশত যথাসম্ভৱ সকলো প্রচেষ্টা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে তেওঁক আশ্বাস প্রদান কৰে। মুখ্যমন্ত্ৰীয়ে লগতে যশস্বী শিল্পী গোস্বামীৰ সু-স্বাস্থ্য আৰু দীর্ঘ কর্মময় জীৱনৰ কামনা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...