তামোল গছ পৰি মৃত্যু পাঁচ বছৰীয়া মুছলিমাৰ

মৰ্মান্তিক ঘটনা। কাছাৰৰ বৰখলাত তামোল গছ পৰি মৃত্যু পাঁচ বছৰীয়া শিশুৰ। মৃত কন্যা শিশুটিৰ নাম মুছলিমা বেগম লস্কৰ।

নেনু মিয়া নামৰ এজন লোকে এজোপা তামোল গছ কাটি থকাৰ সময়ত হঠাৎ প্ৰতিবেশী এগৰাকী পাঁচ বছৰীয়া শিশু কন্যাৰ ওপৰত পৰি যায়। ঘটনাৰ পাছত শিশুটিক ততাতৈয়াকৈ স্থানীয় এখন হাস্পতালত লৈ যোৱা হয় যদিও শিশুটিৰ অবস্থা সংকটজনক হোৱাত চিকিৎসকে শিশুটিক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱাৰ কিছু সময়ৰ পাছত মৃত্যু ঘটে কনমাণি শিশুটিৰ।

মৰ্মান্তিক এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...