গো-মূত্র ভেঁকুৰ প্ৰতিৰোধী, পাচন শক্তি গুণসম্পন্ন! IIT মাদ্রাজৰ সঞ্চালকৰ মন্তব্যক লৈ বিতর্ক

গো-মূত্রত থকা ঔষধি গুণ সন্দর্ভত মন্তব্য কৰি তীব্ৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে আইআইটি মাদ্রাজৰ সঞ্চালক ভি কামাকোটি। আইআইটি মাদ্রাজৰ সঞ্চালক ভি কামাকোটিয়ে প্ৰকাশ কৰা মতে, গো-মূত্ৰত বেক্টেৰিয়া প্ৰতিৰোধী, ভেঁকুৰ প্ৰতিৰোধী গুণ আছে। তদুপৰি গো- মূত্র হৈছে প্ৰচুৰ পাচন শক্তি গুণসম্পন্ন। যোৱা জানুৱাৰীত সঞ্চালক কামাকোটিয়ে ‘গো-সংৰক্ষণশালা’ শীর্ষক এটা অনুষ্ঠানত ভাষণ দি এই দাবী কৰাৰ পাছতেই এই ভিডিঅটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। যাৰ বাবে তীব্র বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে সঞ্চালকজন। অনুষ্ঠানটোত এগৰাকী সন্ন্যাসীৰ প্রসংগ উল্লেখ কৰি সঞ্চালকজনে কয় যে, গো-মূত্র খাই সন্ন্যাসীগৰাকীয়ে জ্বৰৰপৰা পৰিত্ৰাণ পাইছিল। পেটৰ বিভিন্ন সমস্যাৰ বাবেও গো-মূত্র অতি উপকাৰী বুলি কামাকোটিয়ে উল্লেখ কৰিছিল। অনুষ্ঠানটোত গো-মূত্ৰৰ উপকাৰিতাৰ প্ৰসংগ উল্লেখ কৰি সঞ্চালকজনে জৈৱিক কৃষিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল।
২০২২ চনৰ জানুৱাৰী মাহত আইআইটি মাদ্ৰাজৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা কামাকোটি পূৰ্বে প্ৰতিষ্ঠানখনৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক আছিল। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত অভিযান্ত্ৰিক স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগত বিজ্ঞানত স্নাতকোত্তৰ (গৱেষণাৰ দ্বাৰা) আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰে। ভাৰতৰ ছেমি কণ্ডাক্টৰ অভিযানৰ পৰামৰ্শদাতা সমিতিৰ সদস্যও।

Popular

More like this
Related

দিল্লী কেপিটেলছৰ বলিং প্ৰশিক্ষক মুনাফ পেটেলক জৰিমনা বিহিলে BCCIয়ে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল) এক গুৰুত্বপূৰ্ণ ঘটনাত দিল্লী কেপিটেলছৰ...

BGTৰ বিপৰ্যয়ৰ পিছত ভাৰতীয় দলৰ বেটিং প্ৰশিক্ষক অভিষেক নায়াৰ, ফিল্ডিং প্ৰশিক্ষক টি দিলীপক বৰ্খাস্ত কৰিলে BCCIয়ে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) অষ্ট্ৰেলিয়া Tourত ভাৰতীয় দলৰ...

IPLৰ সৈতে সংযুক্ত অংশীদাৰসকলক এজন ‘সন্দেহজনক’ ব্যৱসায়ীৰ পৰা সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ BCCIৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আইপিএল)...