গণৰাজ্য দিৱসৰ পেৰেড : দেখা নাযাব অসমৰ প্ৰতীক পট

গণৰাজ্য দিৱসৰ অনুষ্ঠানত এইবাৰো দেখা নাযাব অসমৰ প্ৰতীক পট। একেৰাহে দ্বিতীয়বাৰলৈ নতুন দিল্লীৰ ৰাজপথত প্ৰদৰ্শিত নহয় অসমৰ প্ৰতীক পট। ২০২৫ৰ ২৬ জানুৱাৰীৰ পেৰেডত এইবাৰো দেখা নাযাব অসমক প্ৰতিনিধিত্ব কৰা প্ৰতীক পট। ৰাষ্ট্ৰীয় ৰাজধানী চহৰত অনুষ্ঠিত হ’বলগীয়া ভব্য সমাৰোহত ৰাজ্যসমূহে নিজৰ প্ৰতীক পট প্ৰদৰ্শন কৰে। কিন্তু ৰোটেচন পলিচীৰ বাবে দ্বিতীয় বছৰৰ বাবে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত নাথাকিব অসমৰ প্ৰতিনিধিত্ব। ২০২৬ চনতহে ৰাষ্ট্ৰীয় ৰাজধানীত গণৰাজ্য দিৱসৰ পেৰেডত দেখা যাব অসমৰ প্ৰতীক পট। অৱশ্যে গণৰাজ্য দিৱসৰ প্ৰদৰ্শনী অনুষ্ঠানৰ সময়ত লালকিল্লাত প্ৰদৰ্শিত হ’ব অসমৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু চৰাইদেউ মৈদামৰ সবিশেষ। এইবাৰৰ প্ৰদৰ্শনীৰ বিষয় হৈছে স্বৰ্ণিল ভাৰত: বিৰাছট আৰু বিকাশ। ৩১ জানুৱাৰীত সামৰণি পৰিব এই প্ৰদৰ্শনীৰ। অহা বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীক পট হ’ব শৰাই। হাজো আৰু সৰ্থেবাৰীৰ কাঁহ শিল্পক তুলি ধৰা হ’ব। লগতে সত্ৰীয়া নৃত্য আৰু বিহু নৃত্যও পৰিৱেশিত হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...