গুৱাহাটীলৈ বিপদ মাতিছে এখন উৰণ সেতুৱে

বিগত কেইবামাহ ধৰি ছইমাইল উৰণ সেতুখনক লৈ ভীষণ হাৰাশাস্তিৰ সন্মুখীন হৈছে গুৱাহাটীৰ ৰাইজ। উৰণ সেতুখনৰ ওপৰেৰে পূৰ্বৰ দৰে যান-বাহনৰ চলাচল বন্ধ হৈ আছে। ফলস্বৰূপে জি এছ ৰোডৰ ছয়মাইল অংশত প্ৰতিদিনেই সৃষ্টি হৈছে ভীষণ যান-জঁট। গোটেই উৰণ সেতুখনৰ দুয়োকাষে দিয়া আছে বাঁহৰ বেৰিকেড। কেৱল উৰণ সেতুখনৰ মাজৰেহে যান বাহনৰ চলাচলৰ অনুমতি আছে। তাকো কেৱল দিনৰ ভাগতহে। নিশা ছইমাইল উৰণ সেতুৰ ওপৰেৰে কোনো যান বাহনৰ চলাচলৰ অনুমতি নাই। গধূৰ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি থোৱা আছে। বিষয়টোক লৈ সোমবাৰে গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্ট কৰিছিল আমাৰ সাংবাদিক সুকল্যাণ ৰাজখোৱাই। উৰণ সেতুখনৰ বয়স মাত্ৰ ১৪-১৫ বছৰ। ২০০৯ চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত ব্যৱহাৰৰ বাবে মুকলি কৰা হৈছিল উৰণ সেতুখন। উৰণ সেতুখনৰ নিৰ্মাণৰ দায়িত্বত আছিল ‘ছিমপ্লেক্স’ নামৰ এক নিৰ্মাণকাৰী সংস্থা। কিন্তু মুকলি হোৱাৰ কেইটামান বছৰ পিছতে উৰণ সেতুখনত ধৰা পৰিছিল বিসংগতি। সেইবোৰৰ মেৰামতি হৈ গ’ল। প্ৰায় ১-২ বছৰ পূৰ্বে উৰণ সেতুখনত ধৰা পৰিছিল কেইবাটাও বিসংগতি। কেইবামাহ ধৰি উৰণ সেতুৰ ওপৰত কাঠৰ এখন দলঙেৰে অব্যাহত আছিল যান বাহনৰ যাতায়াত? গুৱাহাটীৰ এখন পকী উৰণ সেতুৰ ওপৰত কাঠৰ দলং। বিশ্বাস নহয় যদিও এয়াই বাস্তৱ। অৱশ্যে সেই মেৰামতিও সম্পূৰ্ণ হ’ল।

তাৰ পিছত উৰণ সেতুখনত যি বেমাৰ লাগিল সেয়া একপ্ৰকাৰ কেন্সাৰেই। উৰণ সেতুঁখনৰ এই অস্থায়ী মেৰামতি আৰু চোৱাচিতাৰ দায়িত্বত আছে ‘গৌতম কন্সট্ৰাকছন’ নামৰ এটা প্ৰতিষ্ঠান। গৌতম কন্সট্ৰাকছনৰ অভিযন্তা আৰু কাৰিকৰী বিষয়াসকলে পাৰ্যমানে চেষ্টা কৰিছে। কিন্তু ছইমাইল উৰণ সেতুৰ এই কেন্সাৰ ভাল কৰিব পৰা নাই।

এটা কথা প্ৰায় নিশ্চিত হৈছে- প্ৰথমাৱস্থাতে ছিমপ্লেক্স নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ জৰিয়তে হোৱা নিৰ্মাণ বিসংগতিৰ বাবেই ছইমাইল উৰণ সেতুৰ আজিৰ এই অৱস্থা। সমগ্ৰ বিষয়টোক লৈ আমি আমাৰ অনুসন্ধান অব্যাহত ৰাখিছো। কোন পৰ্যায়ত কোনে কৰা বিসংগতিৰ বাবে ছইমাইল উৰণ সেতুৰ আজিৰ এই অৱস্থা? নিৰ্মাণৰ সময়ত অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰী আছিল অজন্তা নেওগ। কিন্তু সংশ্লিষ্ট বিভাগৰ মুখ্য অভিযন্তা, অতিৰিক্ত অভিযন্তা অথবা দায়িত্ববাহী অন্যান্য বিষয়াসকল কোন কোন আছিল? উৰণ সেতু নিৰ্মাণৰ পিছত পৰীক্ষা নকৰাকৈ কোনে দিছিল নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰমাণ পত্ৰ? কেইবাশ কোটি টকাৰে এখন উৰণ সেতু নিৰ্মাণ কৰাৰ পিছত মাত্ৰ ১৪-১৫ ‍বছৰৰ পিছতে উৰণ সেতুখন ভাঙি পেলাবলগীয়া হোৱাটো কিমান ভয়ংকৰ হ’ব পাৰে চিন্তা কৰক। উৰণ সেতুখনৰ নিৰ্মাণ অথবা মেৰামতিত ব্যয় হোৱা ধন কোনোবা মন্ত্ৰী-আমোলাৰ জেপৰ ধন নহয়, এয়া আপোনাৰ-মোৰ দৰে সাধাৰণ মানুহৰ কৰ-কাটলৰ ধনহে।

Popular

More like this
Related

গুৱাহাটীত দ্বিতীয়জন HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত

গুৱাহাটীত দ্বিতীয়জন HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত। এগৰাকী মহিলাৰ পাছতে...

অগ্নিকাণ্ডত ৬৬জন লোকৰ মৃত্যু: ১১ মহলাৰ পৰা ৰছীৰে নামি প্ৰাণ বচোৱাৰ চেষ্টা

তুৰস্কত শোকাৱহ ঘটনা সংঘটিত হৈছে। বহুমহলীয়া অট্টালিকাত অগ্নিকাণ্ডৰ সূত্ৰপাত...

ছিউলত কোৰিয়া গণ্যৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, স্টার্ট আপ মন্ত্রী ইয়ংজুক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া 'এডভান্টেজ...

গণৰাজ্য দিৱসৰ পেৰেড : দেখা নাযাব অসমৰ প্ৰতীক পট

গণৰাজ্য দিৱসৰ অনুষ্ঠানত এইবাৰো দেখা নাযাব অসমৰ প্ৰতীক পট।...