হঠাৎ বৃদ্ধি পাইছে কুর্তা-পাইজামাৰ জনপ্রিয়তা

দিল্লী বিধানসভা নির্বাচনক লৈ প্ৰাৰ্থীৰ উপৰি তেওঁলোকৰ পৰিচিত ব্যক্তি, অঙহী- বঙহীৰ মাজত নেতাগিৰি প্ৰদৰ্শন কৰাৰ ধুম বৃদ্ধি পাইছে। সেয়ে বজাৰত শেহতীয়াকৈ কুর্তা-পাইজামা চিলোৱাৰ চাহিদা বৃদ্ধি পাইছে। পূর্বতে যি কুর্তা-পাইজামা চিলাবলৈ তিনি-চাৰিদিন সময়ৰ প্ৰয়োজন হৈছিল এতিয়া সেই একে কুর্তা-পাইজামা চিলাবলৈ গ্রাহকে এসপ্তাহ অপেক্ষা কৰিবলগীয়া হৈছে। কৰোল বাগস্থিত আজমল খান ৰোডত নইম ৰাজাৰ ৬৪ বছৰীয়া দোকান আছে। নইমে প্রকাশ কৰা মতে তেওঁলোকৰ দোকানত তিনিটা প্রজন্ম ধৰি কুর্তা-পাইজামা চিলোৱা কামৰ সৈতে জড়িত হৈ আহিছে। তেওঁ জনোৱা মতে তেওঁলোকৰ দোকানত ভালেমান প্রসিদ্ধ নেতাই কুর্তা-পাইজামা চিলাইছে। নইমে কয় যে দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত কুর্তা-পাইজামা চিলোৱা গ্ৰাহকৰ সংখ্যা ৩০ শতাংশ বৃদ্ধি পাইছে। নইমে কয় যে পূর্বতে কুর্তা-পাইজামা তৰুণ প্ৰজন্মই পিন্ধাৰ প্ৰতি বিশেষ আগ্রহ দেখুওৱা নাছিল যদিও এইবাৰ যুৱ প্ৰজন্মই কুর্তা-পাইজামাৰ প্রতি বিশেষ আগ্রহ দেখুৱাইছে। তদুপৰি মহিলাসকলেও কুর্তা-পাইজামাৰ প্রতি আকর্ষিত হোৱা বুলি তেওঁ প্রকাশ কৰে। একেদৰে জৱাহৰ ডিজাইনৰ জেকেটো মহিলাসকলে এইবাৰ সৰহকৈ চিলোৱা বুলি নইমে জনায়। তেওঁ যে কুর্তা- পাইজামা আৰু জৱাহৰ জেকেট চিলোৱাৰ বাবদ পাঁচ হেজাৰ টকা লোৱা হয়। কেৱল কুর্তা-পাইজামা দুই হেজাৰ টকাতে চিলাই দিয়া হয় বুলি তেওঁ প্রকাশ কৰে। নইমে কয় যে, পূব দিল্লী, মধ্য দিল্লী, দক্ষিণ দিল্লীৰ উপৰি বাহিৰৰ লোকেও কুর্তা-পাইজামা চিলাই কৰাৰ বাবে অৰ্ডাৰ দিবলৈ ধৰিছে। ইফালে নিৰ্বাচনৰ দিন ঘোষণাৰ পাছত টুপী, মাফলাৰ আৰু ৰাজনৈতিক দলৰ বেনাৰ আদিৰ বিক্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...