ক্ৰিকেটাৰ ৰিংকু সিঙৰ বিয়া, কইনা কোন?

ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙৰ খেল আপুনি নিশ্চয় উপভোগ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি সমাজবাদী পাৰ্টিৰ সংসদ প্ৰিয়া সৰোজৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। দুয়োজনে শেহতীয়াকৈ এংগেজমেণ্ট অনুষ্ঠানো সম্পন্ন কৰিছে আৰু বাগদানৰ পিছত অচিৰে বিবাহপাশত আবদ্ধ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে তাৰিখ এতিয়াও প্ৰকাশ কৰা হোৱা নাই। উত্তৰ প্ৰদেশৰ মাচালি চহৰৰ সমাজবাদী পাৰ্টীৰ সাংসদ প্ৰিয়া সৰোজ ৩বাৰৰ সাংসদ তথা বৰ্তমানৰ বিধায়ক তুফানী সৰোজৰ কন্যা। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে ওকালতিও কৰিছিল।
২০২৪ চনত প্ৰিয়াই বিজেপিৰ প্ৰাৰ্থী বি পি সৰোজক ৩৫,৮৫০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰলৈ লোকসভা নিৰ্বাচনত জয়লাভ কৰি সংসদৰ নিম্ন সদনলৈ নিৰ্বাচিত হোৱা দ্বিতীয় সৰ্বনিম্ন প্ৰাৰ্থী হিচাপে পৰিগণিত হৈছিল। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু নয়দাৰ এমিটি বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰিছিল।
ইফালে পৰিৱৰ্ত খেলুৱৈ হিচাপে ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দলৰ অংশ আছিল ৰিংকু সিং। ৰাষ্ট্ৰীয় দলৰ হৈ নিয়মীয়াকৈ খেলা নাছিল যদিও ২২ জানুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ শৃংখলাত ৰিংকুক অন্তৰ্ভুক্ত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...