আৰম্ভ হৈছে মহাকুম্ভ মেলাৰ মহা-আয়োজন

১২ বছৰৰ পাছত অনুষ্ঠিত হ’ব মহাকুম্ভ ২০২৫।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ পূণ্যভূমিত পূৰ্ণ প্ৰস্তুতি।

১৩ জানুৱাৰীৰ পৰা গংগা-যমুনা, সৰস্বতীৰ পবিত্ৰ সংগমত কুম্ভমেলা।

৪৫ কোটি ভক্তক আদৰিবলৈ সাজু চৰকাৰ-প্ৰশাসন।

মহাকুম্ভ আৰম্ভ হোৱাৰ পূৰ্বেই ঘটিছে সাধু-সন্ন্যাসীৰ আগমন।

দৃষ্টি আকৰ্ষণ কৰিছে বহুকেইজন সাধুৱে।

৪৫ কেজি ওজনৰ ৰুদ্ৰাক্ষ ধাৰণ কৰা বাবা আহিছে কুম্ভমেলালৈ।

২.২৫ লাখ ৰুদ্ৰাক্ষৰ মালা শিৰত ধাৰণ কৰিছে সাধুজনে।

ৰুদ্ৰাক্ষ বাবা নামে চৰ্চিত গীতানন্দ মহাৰাজৰ মালাৰ সংখ্যা ২,৫০০ৰো অধিক।

তীৰ্থ যাত্ৰীৰ ভিতৰত উলংগ নগা সাধুৰো আগমণ।

পৰ্বত, অৰণ্যৰ পৰা কেইবাদিনো ধৰি খোজকাঢ়ি আহিছে সাধুসকল।

কুম্ভমেলাৰ ৬টা পবিত্ৰ স্নানৰ প্ৰথমটোত নেতৃত্ব দিব নগা উলংগ সাধুৱে।

ভয়ংকৰ জঁটাধাৰী ৯০ বছৰীয়া সাধু দিগম্বৰ ৰমেশ গিৰিয়ে দিছে মন্তব্য।

‘মই ৰাইজক আশীৰ্বাদ দিবলৈ আহিছো’।

‘আপুনি হৃদয়েৰে যি বিচাৰে কুম্ভত পাব।

কুম্ভমেলা হৈছে এক প্ৰাচীন উৎসৱ।

হিন্দু পৌৰাণিক কাহিনীত কুম্ভমেলা সন্দৰ্ভত বিস্তৃত উল্লেখ আছে।

হিন্দুসকলৰ বিশ্বাস-নদীসমূহৰ সংগমস্থলত স্নান কৰিলে পাপ মোচন হয়।

মোক্ষ লাভ কৰাত সহায় হয়।

সনাতন ধৰ্মত মহাকুম্ভ ধৰ্ম-বিশ্বাসৰ আটাইতকৈ ডাঙৰ মেলা বুলি গণ্য কৰা হয়।

কিংবদন্তি অনুসৰি- দেৱতা আৰু ৰাক্ষসসকলে এটা কলহৰ বাবে যুঁজ দিছিল।

অমৃত থকা এটা কলহ বা কুম্ভৰ বাবে যুঁজ দিছিল দেৱতা–ৰাক্ষসে।

যুদ্ধৰ সময়ত ৪ টোপাল পৃথিৱীত পৰিছিলহি।

তাৰে এটা টোপাল পৰিছিল প্ৰয়াগৰাজত।

আন টোপালবোৰৰ এটা হৰিদ্বাৰত, এটা নাছিকত আৰু এটা উজ্জয়িনীত পৰিছিল।

৩খন চহৰত ইখনৰ পিছত সিখনত কুম্ভমেলা অন্য বছৰবোৰত অনুষ্ঠিত হয়।

প্ৰয়াগৰাজত প্ৰতি ১২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় কুম্ভমেলা।

আয়োজকে ইয়াক মহান বা মহাকুম্ভ মেলা বুলি অভিহিত কৰিছে।

কুম্ভমেলাৰ প্ৰস্তুতি কৰাটো এখন নতুন দেশ প্ৰতিষ্ঠা কৰাৰ দৰে।

৪০০ নিযুত ভক্তই মেলা পৰিদৰ্শন কৰিব পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আমেৰিকা, কানাডাৰ মুঠ জনসংখ্যাতকৈও অধিক লোকৰ সমাৱেশ ঘটে কুম্ভমেলাত।

কুম্ভমেলাৰ বাবে নিৰ্মাণ কৰা হৈছে সুবিশাল টেণ্ট চিটী।

ৰাস্তা, পোহৰ, আৱাসস্থলী, নৰ্দমা নিৰ্মাণ কৰা হৈছে।

প্ৰায় ১ লাখ ৫০ হাজাৰ শৌচালয় নিৰ্মাণ কৰা হৈছে।

৬৮ হাজাৰ LED লাইটৰ খুঁটা নিৰ্মাণ কৰা হৈছে।

ৰাজহুৱা পাকঘৰৰ পৰা একেসময়তে ৫০ হাজাৰ লোকক খাদ্য যোগান ধৰিব।

১১০টা অত্যাধুনিক ব্ল’ৱাৰ মিষ্ট সাজু কৰা হৈছে।

সাজু ১০৭ টা ফ’গিং মেচিন, চৌদিশে কীটনাশক ছটিওৱা হৈছে।

স্বাস্থ্য সেৱাৰ বাবে সাজু হৈ আছে চিকিৎসা বাহিনীও।

ভক্তৰ সুবিধাৰ্থে মোতায়েন কৰা হৈছে মেলেৰিয়া পৰিদৰ্শকো।

৪৫ গৰাকী মেলেৰিয়া পৰিদৰ্শক, ২৮ গৰাকী সহকাৰী মেলেৰিয়া পৰিদৰ্শক নিয়োগ।

মহাকুম্ভমেলালৈ অসমবাসীকো নিমন্ত্ৰণ কৰিছে উত্তৰপ্ৰদেশ চৰকাৰে।

গুৱাহাটীত উপস্থিত উত্তৰপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী সূৰ্য্য প্ৰতাপ শ্বাহী।

গুৱাহাটীত সংবাদমেল সম্বোধন কৰি অসমবাসীক আমন্ত্ৰণ কৃষি দপ্তৰৰ মন্ত্ৰীগৰাকীৰ।

প্ৰয়াগৰাজত ৩ লক্ষ্য গছপুলি ৰোপন কৰা হৈছে।

মেলাৰ শেষতো চৰকাৰে প্ৰতিপালন কৰিব গছপুলিসমূহ।

২০খন বিচনাযুক্ত এখন চিকিৎসালয়, ৮ খন বিচনাযুক্ত সৰু চিকিৎসালয় স্থাপন কৰা হৈছে।

নিৰ্মাণ কৰা হৈছে ১০খন বিচনাযুক্ত ICU।

২৯১ গৰাকী MBBS চিকিৎসক, ৯০ গৰাকী আয়ুৰ্বেদিক বিশেষজ্ঞ, ১৮২ গৰাকী নাৰ্ছিং কৰ্মচাৰী থাকিব।

পুৰুষ, মহিলা, শিশুৰ বাবে পৃথক ৱাৰ্ড স্থাপন কৰা হৈছে।

প্ৰসৱ কোঠা, জৰুৰীকালীন ৱাৰ্ডৰ লগতে চিকিৎসকৰ কোঠাও সংলগ্ন থাকিব।

ড্ৰোণৰ জৰিয়তে নিৰীক্ষণৰ লগতে থাকিব দুৰ্যোগ ব্যৱস্থাপনাৰ সুবিধা।

পৰ্যটকৰ বাবে ১০১টা স্মাৰ্ট পাৰ্কিঙৰ ব্যৱস্থা।

দৈনিক ৫ লাখ বাহন ৰখাৰ সুবিধা।

চিচি টিভি নিৰীক্ষণৰ বাবে অত্যাধুনিক ব্যৱস্থা গ্ৰহণ।

তীৰ্থযাত্ৰী সকলৰ চিনাক্তকৰণ আৰু গণনাত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ হ’ব।

বিশ্বৰ সকলো সনাতনী ভাৰতীয়ক আমন্ত্ৰণ প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰী যোগীৰ উত্তৰপ্ৰদেশ চৰকাৰৰ।

Popular

More like this
Related

১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ

১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে...

উমৰাংছ’ৰ অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন

প্ৰসংগ: উমৰাংছ’ ট্ৰেজেডী। কয়লাখনিত উদ্ধাৰ অভিযানৰ আজি চতুৰ্থ দিন।...

শাক-পাচলিৰ উচিত মূল্য নোপোৱাত খুৱাইছে গৰুক

শাক-পাচলিৰ উচিত মূল্য নোপোৱাত খুৱাইছে গৰুক। ৰাজ্যৰ বজাৰ আৰু...

শীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব নতুন নিযুক্তি!

নিবনুৱাৰ বাবে সুখবৰ। শীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব নতুন নিযুক্তি।...