গুৱাহাটী মহানগৰীৰ গীতামন্দিৰৰ সমীপৰ কৈলাস নগৰত চাঞ্চল্যকৰ ঘটনা

ঘৰৰ চৌহদতে দুৰ্বৃত্তই জ্বলালে ৫খনকৈ মটৰচাইকেল। গুৱাহাটী মহানগৰীৰ গীতামন্দিৰৰ সমীপৰ কৈলাস নগৰত চাঞ্চল্যকৰ ঘটনা। CCTVত বন্দী অগ্নিসংযোগৰ শিহৰণকাৰী দৃশ্য।

শনিবাৰে নিশা এঘৰৰ চৌহদত ৰখাই থোৱা দুচকীয়া বাহনত এইদৰে অগ্নিসংযোগ দুৰ্বৃত্তৰ। নিশা ১.১৬ বজাত অগ্নিসংযোগ ৫ খনকৈ দুচকীয়া বাহনত। অগ্নিকাণ্ডৰ ফলত তিনিখন বাহন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে দুখন বাহন আংশিকভাৱে ভস্মীভূত। অগ্নিকাণ্ডত কিছু পৰিমানে ক্ষতিগ্ৰস্থ কাষতে থকা নামঘৰ।

ঘটনাৰ পাছতেই স্থানীয় লোকে নিশাই খবৰ দিয়ে গীতানগৰ আৰক্ষীক। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। CCTV ৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। বিশ্বজিৎ পাটগিৰি নামৰ এজনৰ বিৰুদ্ধে অগ্নিসংযোগৰ অভিযোগ। কিন্তু, আশ্চয্যজনকভাৱে অভিযুক্ত বিশ্বজিৎ পাটগিৰি বৰ্তমান পলাতক। ইতিমধ্যে গীতানগৰ আৰক্ষীয়ে আটক কৰিছে বিশ্বজিৎ পাটগিৰিৰ দেউতাকক। এতিয়া আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব কোনে কিয় সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...