শুভ্ৰ ছাদৰৰ তলত জম্মু-কাশ্মীৰ

প্ৰৱল তুষাৰপাতত বিপৰ্যস্ত জনজীৱন। ব্যাহত যান-বাহনৰ চলাচল। শ্ৰীনগৰৰ পথত ৩ইঞ্চি পৰ্যন্ত জমা হৈছে বৰফ। গান্দেৰৱাল, অনন্তনাগ, কুলগাঁও, পুলৱামা জিলাতো প্ৰৱল তুষাৰপাত হৈছে। কাশ্মীৰৰ বৰফে ঢকা সৌন্দৰ্য চাবলৈ যোৱা পৰ্যটকো বন্দী হৈ আছে হোটেলত। পৰ্যটকৰ অন্যতম আকৰ্ষণ স্কাই ৰিৰ্জট, সৌনবাৰ্গ, পলেহগ্ৰামৰ পৰ্যটনস্থলী ঢাকিছে বৰফে।

তুষাৰপাতৰ ফলত বন্ধ হৈ পৰিছে জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথ, মোগল ৰোড। স্নকাটাৰেৰে পথ মুকলি কৰাৰ বাবে চেষ্টা চলাইছে প্ৰশাসনে। বছৰৰ শেষত হিমাচলপ্ৰদেশতো প্ৰৱল তুষাৰপাত হৈছে। শুকুৰবাৰে পুৱাৰে পৰা হোৱা তুষাৰপাতত আৱদ্ধ হৈ পৰিছে পৰ্যটক। হিমাচলতো চলিছে স্নকাটাৰ অভিযান। জৰুৰীকালীন সেৱাত নিয়োজিত সকলো নামি পৰিছে পৰ্যটকক সহায়ৰ বাবে। কিন্তু প্ৰত্যাহ্বানৰ মাজতো অপৰূপ সৌন্দৰ্যই বিৰাজ কৰিছে দুয়োখন ৰাজ্যত। পৰ্যটকে উপভোগ কৰিছে এই নৈসৰ্গিক দৃশ্য।

এনে অৱস্থাৰ সন্মুখীন হ’বলৈকে আহে পৰ্যটক। প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে তেওঁলোকে। গতিকে দুয়োখন ৰাজ্যলৈ আহিয়েই আছে দলে দলে পৰ্যটক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...