এতিয়াৰ প্ৰজন্মৰ বাবে সাধু সাধু লগা কথাবোৰ

মৰমৰ
নতুন বছৰটোৱে তোমালৈ কঢ়িয়াই আনক অনাবিল আনন্দ, সুখ সমৃদ্ধি আৰু ভালপোৱা। তোমাৰ জ্ঞান গৰিমাৰ সুগন্ধি, এপাহ তেজৰঙা গোলাপৰ দৰে যেন বিয়পি পৰক জীৱনৰ পৰা জীৱনলৈ। অন্তৰৰ নিভৃত কোণত সাঁচি ৰখা মৰম আৰু ভালপোৱাৰে তোমালৈ মোৰ এয়া নৱবৰ্ষৰ শুভকামনা…
ইতি তোমাৰ মৰমৰ…..

এতিয়াৰ প্ৰজন্মৰ বাবে সাধু সাধু লগা কথাবোৰ। ৮০-৯০ৰ দশকৰ ব্যক্তিৰ বাবে এধানি হেৰাই যোৱা আৱেগ। প্রযুক্তিৰ হাতত ধৰি আগবাঢ়িছে এতিয়াৰ প্রজন্ম। দোকানৰ কোনোবা কোণত পৰি আছে গ্ৰীটিংছ কাৰ্ড।

হয়, চিঠিৰ কথা নহয়। গ্ৰীটিংছ কাৰ্ডৰ কথা কব বিচাৰিছো। ডিচেম্বৰতেই গ্ৰীটিংছৰ কথা মনত নেপেলাই পেলাম কেতিয়া। বছৰ শেষ হ’বলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী। তথাপিও প্ৰিয়জনৰ পৰা নাহিল এনে এটি শুভেচ্ছা বাৰ্তা। এটা সময় আছিল নতুন বছৰ বুলিলেই প্ৰিয়জনৰ শুভেচ্ছা বার্তা পাবলৈ অপেক্ষা কৰিছিল এখন গ্রীটিংছ কাৰ্ডৰ। এই অপেক্ষাৰ আঁৰত কত’ হেঁপাহ আছিল। কি লিখিব প্রিয়জনৰ বাবে। ডাকোৱালে জোলোঙাত কঢ়িয়াই অনা বগা, হালধীয়া ৰঙৰ বন্ধ খামৰ ভিতৰত থকা কার্ডখন খুলি চোৱাৰ মাদকতা আছিল অনন্য। আনকি নিজৰ গ্ৰীটিংছ কাৰ্ডৰ জড়িয়তেই ইজনে সিজনক দিছিল প্ৰেমৰো প্ৰস্তাৱ। কি চহৰ, কি গাঁও সকলোৱে গ্ৰীটিংছ কাৰ্ডৰ জৰিয়তেই পঠিয়াইছিল প্রিয়জনলৈ শুভেচ্ছা বার্তা। বহুতেই আকৌ নিজৰ পছন্দমতে নিজ হাতে তৈয়াৰ কৰিছিল গ্রীটিংছ কার্ড। নতুন বছৰ অহাৰ লগে লগে দোকানসমূহতো গ্রীটিংছ কার্ড কিনিবলৈ ভিৰ কৰিছিল সকলো প্ৰজন্মৰ লোকেই! সেয়া আছিল এসময়ৰ কথা। এতিয়া প্রযুক্তিৰ হাতত ধৰি আগবাঢ়িছে প্রজন্ম।

এই হিয়াভৰা বাৰ্তা যেন এতিয়া অতীত হ’ল। এতিয়াৰ প্ৰজন্মৰ বাবে সাধু সাধু লগা কথাবোৰ আপোনাৰো হয়তো কেতিয়াবা মনত পৰে। সেয়ে আমিও ৰোমন্থন কৰিলো পুৰণি নৱবৰ্ষৰ স্মৃতিৰ ভঁৰালৰ সেই ভাল লগা কথাবোৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...