অস্কাৰৰ দৌৰৰ পৰা বাদ পৰিল ‘লাপাতা লেডিজ’

ছেপ্টেম্বৰ মাহত ভাৰতীয় ফিল্ম ফেডাৰেচনে প্ৰকাশ কৰিছিল এক বিবৃতি। ২০২৫ত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত ‘লাপাতা লেডিজ’এ ভাৰতক প্ৰতিনিধিত্ব কৰিব বুলি প্ৰকাশ পাইছিল সেই বিবৃতিত। সেই খবৰটোৱে যথেষ্ট আনন্দিত কৰিছিল ভাৰতীয় চলচ্চিত্ৰপ্ৰেমীক। অক্টোবৰ মাহত আমেৰিকাত ছবিখনৰ প্ৰচাৰ আৰম্ভ কৰিছিল আমিৰ খান আৰু কিৰণ ৰাওৱে। শেহতীয়াকৈ লণ্ডনতো প্ৰদৰ্শিত হৈছিল ‘লাপাতা লেডিজ’। বিগত মাৰ্চ মাহত মুক্তিলাভ কৰিছিল কিৰণ ৰাও পৰিচালিত ছবিখন। ‘লাপাতা লেডিজ’ যথেষ্ট সমাদৰ লাভ কৰিছিল দৰ্শকৰ। সমালোচকেও প্ৰশংসাৰে উপচাই পেলাইছিল ‘লাপাতা লেডিজ’ক। বিদেশী দৰ্শকৰ উপযোগী হোৱাকৈ ‘লষ্ট লেডিজ’ নামেৰে নতুন নামাকৰণো কৰা হ’ল লাপাতা লেডিজক। ভাৰতৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছিল ‘লাপাতা লেডিজ’। কিন্তু শেহতীয়াকৈ আহিল এক দুখৰ খবৰ। আগন্তুক ৯৭ সংখ্যক অস্কাৰৰ বাবে ১০ টা শাখাত চৰ্টলিষ্ট ঘোষণা কৰে একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড ছায়েঞ্চে। কিন্তু সেই তালিকাত নাম নাহিল ‘লাপাতা লেডিজ’ৰ। এই খবৰে দুখিত কৰিছে ভাৰতীয় চলচ্চিত্ৰপ্ৰেমীক। ২০২৪ৰ ১ মাৰ্চত ছবিগৃহত মুক্তিলাভ কৰিছিল ‘লাপাতা লেডিজ’। ভাৰতৰ গ্ৰাম্য পটভূমিত নিৰ্মিত ছবিখনত স্পষ্ট হৈছিল দুগৰাকী গাঁৱলীয়া কইনাৰ কাহিনী। শেহতীয়াকৈ লণ্ডনতো প্ৰদৰ্শিত হৈছিল ‘লাপাতা লেডিজ’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...