এটা আঘাতপ্ৰাপ্ত হাতীৰ বিচৰণে ব্যথিত কৰিছে তিতাবৰবাসীক

এটা আঘাতপ্ৰাপ্ত হাতীৰ বিচৰণে ব্যথিত কৰিছে তিতাবৰবাসীক। লেটেকুজান চাহ বাগিচাত জাকৰ সৈতে বিচৰণ কৰি ফুৰিছে আঘাতপ্ৰাপ্ত হাতীটোৱে। খাদ্য অথবা পানী খাবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে আঘাতপ্ৰাপ্ত হাতীটোয়ে। হাতীটোৰ পিছফালৰ বাওঁ ঠেঙত আঘাতৰ চিন স্পষ্ট। কোনো লোকৰ আক্ৰমণত হাতীটো আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ। খাদ্যৰ সন্ধানত গিবন অভয়াৰণ্যৰ পৰা ওলাই আহিছিল প্ৰায় ৪০-৫০জনীয়া এটা হাতীৰ জাক। হাতীৰ জাকটোৱে অঞ্চলটোত বিচৰণ কৰি জনাঞ্চলত উপদ্ৰৱ চলোৱাৰো অভিযোগ ৰাইজৰ। তাৰ মাজতে কোনোৱে চোকা অস্ত্ৰৰে আঘাত কৰে হাতীটোক। এতিয়া জাকৰ সৈতে বিচৰণ কৰাতো অসুবিধা হৈছে আঘাতপ্ৰাপ্ত হাতীটোৰ। উল্লেখ্য যে ৰাজ্যজুৰি অব্যাহত আছে হাতী-মানুহৰ সংঘাত। কেতিয়াবা যদি হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু ঘটিছে। কেতিয়াবা আকৌ মানুহৰ আক্ৰমণত মৃত্যু ঘটিছে হাতীৰ। শেহতীয়াভাৱে একাংশ উদণ্ড লোকৰ হাতীক আক্ৰমণৰ দৃশ্যও হৈছিল ভাইৰেল। হাতী খেদিবলৈ প্ৰায়ে স্থানীয় লোকে আক্ৰমণাত্মক পন্থা গ্ৰহণ কৰে। কোনোৱে যদি জোঁৰ লৈ খেদে, কোনোবাই আকৌ যাঠী-জোং লৈ হাতী খেদে। এনেধৰণৰ আক্ৰমণতে তিতাবৰৰ এই হাতীটো গুৰুতৰভাৱে আহত হৈ অসুস্থ হৈ পৰিছে। এই ক্ষেত্ৰত প্ৰকৃতিপ্ৰেমীৰ অভিযোগ হাতী-মানুহৰ সংঘাত ৰোধত সম্পূৰ্ণ ব্যৰ্থ বন বিভাগ। ইফালে অসুস্থ হাতীটোক উদ্ধাৰ কৰি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰাৰো আহ্বান সকলোৰে।

Popular

More like this
Related

চীনা সামগ্ৰীৰ ওপৰত পুনৰ আমেৰিকাৰ শুল্ক বৃদ্ধি: ১২৫%ৰ পৰা ১৪৫%লৈ শুল্ক বৃদ্ধি

আমেৰিকা চৰকাৰে চীনৰ পৰা আমদানি কৰা পণ্যৰ ওপৰত শুল্কৰ...

সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমেৰিকা আৰু ভাৰতে একেলগে কাম কৰি যাব : আমেৰিকা

২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ...

২৬/১১ মুম্বাই আক্ৰমণত কথমপি ৰক্ষা পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০০৮ চনৰ ২৬ নৱেম্বৰৰ...

পুনৰ অধিনায়ক হিচাপে আজি খেলপথাৰত নামিব মহেন্দ্ৰ সিং ধোনী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ জনপ্ৰিয় দল চেন্নাই...