ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু ডি আই ই টি কামৰূপৰ শৈক্ষিক সহযোগিতা সম্পন্ন

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET) কামৰূপ মিৰ্জাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাইৰ সৈতে এক শৈক্ষিক সহযোগিতাৰ চুক্তি সম্পন্ন হয়। শিক্ষক শিক্ষা, গৱেষণা আৰু সৃজনীশীল কৰ্মৰ ক্ষেত্ৰত দুয়োখন প্ৰতিষ্ঠানে সহযোগিতাৰে কাম কৰাৰ ক্ষেত্ৰত এই বুজাবুজি সম্পন্ন কৰা হৈছে। উক্ত অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মানবেন্দ্ৰ দত্ত চৌধুৰীয়ে ভাৰতীয় জ্ঞান পৰম্পৰা আৰু ইয়াৰ গৱেষণামূলক দিশ সম্পৰ্কত এক মাৰ্গদৰ্শন বক্তৃতা প্ৰদান কৰে। তেখেতে কয় যে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কামৰ পৰিসৰ অত্যন্ত বহল আৰু শিক্ষক শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা অপৰিসীম।এইক্ষেত্ৰত কামৰূপ মিৰ্জাস্থিত ডি আই ই টি বা ডায়েটৰ ভূমিকাক তেখেতে শলাগি কয় যে তেওঁলোকে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সামুহিক দিশবোৰলৈ মনোযোগ দি আগবাঢ়িছে। এইক্ষেত্ৰত ভাৰতীয় জ্ঞান পৰম্পৰা সম্পৰ্কত ২৯ জানুৱাৰী,২৫ ত হ’বলগা আলোচনা চক্ৰখনৰ আলোচ্য দিশ সম্পৰ্কতো আলোচনা কৰে। উল্লেখ্য যে উক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনত বিশ্ববিদ্যালয়খনে সহযোগিতা প্ৰদান কৰিছে। এই আলোচনা চক্ৰখন ভাৰতীয় জ্ঞান পৰম্পৰা আৰু শিক্ষণ প্ৰক্ৰিয়াত সংহতকৰণ বিষয়ত অনুষ্ঠিত কৰা হ’ব। উল্লেখ্য যে শৈক্ষিক বুজাবুজিৰ চুক্তিৰ অনুষ্ঠানত ডি আই ই টি কামৰূপৰ অধ্যক্ষা ড° পংকজা বৰুৱাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপ পঞ্জীয়ক ড° শেখৰকান্তি সৰকাৰৰ উপস্থিতিত শৈক্ষিক পঞ্জীয়ক ড° অমৰ গৌতমৰ সৈতে স্বাক্ষৰ কৰে। অনুষ্ঠানটোত সন্মানীয় অতিথিসকলে আগন্তুক সময়ত সহযোগিতাৰে কৰিব লগা বিভিন্ন কামৰ আলোকপাত কৰে। ৰাষ্ট্ৰীয় সংগীত আৰু প্ৰশিক্ষাৰ্থী ৰুদ্ৰ চৌধুৰীয়ে পৰিৱেশন কৰা শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়। আদৰণি ভাষণ প্ৰদান কৰে ডি আই ই টি কামৰূপৰ অধ্যক্ষা ড° পংকজা বৰুৱাই। অনুষ্ঠানটো পৰিচালনা কৰে আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° শিৰোমণি ভূঞাই। সভাৰ লক্ষ্য উদ্দেশ্য ব্যাখ্যা কৰে গৱেষণা কোষৰ সমন্বয়ক ড° ঝুম্পা দেই। অনুষ্ঠানটোত সমূহ অতিথি, প্ৰশিক্ষাৰ্থীক কৃতজ্ঞতা জ্ঞাপন কৰে ভাৰতীয় জ্ঞান প্ৰণালী কোষৰ সমন্বয়ক বিথীকা শইকীয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...