কমেও ৩ টা সন্তান জন্ম দিয়ক, নহ’লে নাবাচিব জাতি!

কমেও ৩ টা সন্তান জন্ম দিয়ক, নহ’লে নাবাচিব জাতি! RSS প্ৰধানৰ আহ্বানত তোলপাৰ দেশ। শক্তি-সামৰ্থৰে নহ’লেও জনসংখ্যাৰে চিনক পিছ পেলাই ভাৰত বিশ্বৰ প্ৰথম হ’লেও জনসংখ্যাক লৈ এতিয়াও সন্তুষ্ট হোৱা নাই RSS. প্ৰতি দম্পতীয়ে কমেও তিনিটা সন্তান জন্ম দিয়া হেনো জাতি ৰক্ষাৰ বাবেই জৰুৰী। এই কথা ক’লে স্বয়ং RSS প্ৰধান মোহন ভাগৱতে।

RSS প্ৰধানৰ মন্তব্যত তোলপাৰ লাগিছে ৰাজ্য। RSSৰ একান্ত সেৱক মন্ত্ৰী ৰণজিত দাসে একেবাৰে মনৰ কথাকে কৈ পেলালে। প্ৰাক্তন RSS প্ৰধান কে এচ সুদৰ্শনৰ মাৰ্গ দৰ্শনতে তিনিটা সন্তানৰ পিতৃ হ’ল তেওঁ।

পিছে মোহন ভাগৱতৰ আহ্বান, ৰণজিত দাসৰ দৰে বহু বিজেপি নেতাৰ দুটাত কৈ অধিক সন্তান জন্ম দিয়াৰ যুক্তি যদি গ্ৰহণ কৰা হয়

সীমিত পৰিয়ালৰ চৰকাৰী নীতি কি হ’ব? অসম চৰকাৰেই গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। দুটা সন্তানৰ বেছি হ’লে কৰিব নোৱাৰিব ৰাজনীতি, নাপাব চৰকাৰী সুবিধা! চৰকাৰী নীতিৰ সম্পূৰ্ণ বিপৰীত স্থিতি মন্ত্ৰী ৰণজিৎ দাস। মন্ত্ৰীজনৰ মন্তব্যত বিবুদ্ধিত চৰকাৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত মোহন ভাগৱতৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। RSS আৰু বিজেপিৰ নীতিৰ বিৰুদ্ধে চৰকাৰী নীতি। শাসকীয় পক্ষৰ এনে স্ববিৰোধী অৱস্থানে স্বাভাৱিকতে তোলপাৰ লগাইছে দেশ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে।

জনসংখ্যা বিজ্ঞানৰ দোহাই দি মোহন ভাগৱতে মন্তব্য কৰিলে জন্মৰ হাৰ ২.১ বৰ্তি নাথাকিলে বিশ্বত কোনো জাতি–ভাষা বাচি নাথাকে। বৰ্তমান ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১ শতাংশৰো তলত আছে। ২০২৩ চনত ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ ০.৮ শতাংশ। আমেৰিকাত জনসংখ্যা বৃদ্ধিৰ হাৰ ০.৫ শতাংশ। চীনত জনসংখ্যা বৃদ্ধিৰ হাৰ –০.২৩ শতাংশ। বৰ্তমান সময়ত ইউৰোপৰ বহু দেশতে জনসংখ্যা বৃদ্ধিৰ হাৰ মাইনাচত আছে। এনে অৱস্থাত ভাৰতক লৈ RSS আৰু বিজেপিৰ উদ্বিগ্নতাৰ কাৰণ কি? হিন্দুৰ জনসংখ্যা বৃদ্ধি কৰাৰ বাবে এনে উদ্ভট মন্তব্য কৰাৰ অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...

ডাৱৰ বিস্ফোৰণ (Cloudburst) কি?

নাগালেণ্ডৰ মন (Mon) জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ (Cloudburst) পাছত...